Cotton University:
দেশত এক সুস্থ-সবল গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাক আৰু SVEEPকোষৰ সহযোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
ADVERTISEMENT
কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দিনৰ এক বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে মূকাভিনয় প্ৰদৰ্শনৰ জৰিয়তে ভোটদানৰ ক্ষমতাৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে।
উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি SVEEP কোষে ভোটদানত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এনে ধৰণৰ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।