Encroachers are Trying to build houses in Gotanagar Forestry:মহানগৰীৰ গোটানগৰত ভয়ংকৰ ঘটনা

গোটানগৰ সংৰক্ষিত বনাঞ্চলত পাহাৰ কাটি ঘৰ সজাৰ চেষ্টা বেদখলকাৰীৰ, বেদখলকাৰীক বাধা দিব যোৱা মহিলা বনৰক্ষীক দাৰে ঘপিওৱাৰ চেষ্টা বেদখলকাৰীৰ

gotanagar

Encroachers are Trying to build houses in Gotanagar Forestry:

মহানগৰীৰ মাজমজিয়াত সংৰক্ষিত বনাঞ্চলত একাংশ বেদখলকাৰীয়ে পাহাৰ কাটি ঘৰ বনোৱাত বাধা দিব যোৱা মহিলা বনকৰ্মী দাৰে ঘপিওৱাৰ চেষ্টা বেদখলকাৰীৰ ৷ এই ঘটনা সংঘটিত হয় গোটানগৰ সংৰক্ষিত বনাঞ্চলত ৷

উল্লেখ্য যে,গোটানগৰ সংৰক্ষিত বনাঞ্চলত ৰুমীৰাণী ৰায় নামৰ মহিলাগৰাকীয়ে পাহাৰ কাটি ঘৰ সাজি আছিল ৷ এই সম্ভেদ লাভ কৰিছিল বন বিভাগে ৷ আজি দুই বনৰক্ষী মিতালী কোঁৱৰ আৰু পাপৰি শইকীয়াই ঘৰ নিৰ্মাণত বাধা দিবলৈ গৈছিল | ইয়াতে খড়্গ গ্ৰস্ত হৈ ৰুমীৰাণী ৰায় নামৰ বেদখলকাৰী গৰাকীয়ে হাতত দা লৈ আক্ৰমণৰ বাবে খেদি যায় দুই মহিলা বনৰক্ষীক । দৌৰি পলাই প্ৰাণ ৰক্ষা পৰে মহিলা বনৰক্ষীৰ ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ দল আৰু আৰক্ষী উপস্থিত হৈছে ৷

Exit mobile version