Price of Broiler Chickens Has Soared in Guwahati Market:মহানগৰীৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধি ব্ৰয়লাৰ মুৰ্গী

প্রতিকেজি কটা ব্ৰয়লাৰৰ দাম ২৬০ৰ পৰা ২৮০ টকালৈ বৃদ্ধি, প্রতিকেজি গোটা ব্ৰয়লাৰৰ দাম ২০০ৰ পৰা ২২০ টকা নিশাটোৰ ভিতৰতে, ২০-৩০টকালৈ বৃদ্ধি কটা ব্ৰইলাৰ মাংসৰ দাম

bailar

Price of Broiler Chickens Has Soared in Guwahati Market:

মহানগৰীৰ বজাৰত সৌ সিদিনাখনলৈ প্রতি কেজি গোটা ব্ৰয়লাৰৰ দাম ১৩০ টকা আৰু কটা ব্ৰয়লাৰৰ দাম ২৪০ টকাকৈ বিক্ৰী হৈ আছিল যদিও শেহতীয়াকৈ একেকোবে বৃদ্ধি পাইছে আকাশলংঘী মূল্যমূল্য বৃদ্ধি ৷

এতিয়া মহানগৰীৰ বজাৰত প্রতিকেজি গোটা ব্ৰয়লাৰৰ দাম ২০০ৰ পৰা ২২০ টকাৰ বিপৰীতে প্রতিকেজি কটা ব্ৰয়লাৰৰ দাম ২৬০ৰ পৰা ২৮০ টকালৈ বৃদ্ধি পাইছে ৷

অৱশ্যে ইয়াৰ কাৰণ হিচাপে বিবেচিত হৈছে ব্লাৰ্ড ফ্লু ৷ একাংশ ব্ৰয়লাৰ ফাৰ্মত শেহতীয়াকৈ ব্লাৰ্ড ফ্লু প্ৰাদুৰ্ভাৱ হোৱাত ফাৰ্ম সমূহ বন্ধ কৰাৰ উপক্ৰম হৈছে ৷ ব্লাৰ্ড ফ্লু প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ ব্ৰয়লা সমূহ নিধন কৰিছে পশু পালন বিভাগে ৷৷

আনহাতে, ৰাজ্য চৰকাৰে বহি:ৰাজ্যৰ পৰা ব্ৰয়লাৰ অহাত বাধানিষেধ জাৰি কৰি থৈছে ৷ এনেবোৰ কাৰণত একাংশ ব্ৰয়লাৰ ফাৰ্মৰ ব্যৱসায়ীয়ে ব্ৰয়লাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি হো- হোৱাই বৃদ্ধি কৰিছে অত্যাধিক মূল্যবৃদ্ধি

Exit mobile version