Aap Press Release:বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ বাবে সাপ্তাহিক বজাৰ বন্ধ কৰাটো দুৰ্ভাগ্যজনক : ডাঃ ভবেন চৌধুৰী

bhaben

Aap Press Release:

বৃহস্পতিবাৰে হঠাতে মহানগৰীৰ বেলতলা সাপ্তাহিক বজাৰ বন্ধ কৰি দিয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে আয়োজিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ বাবেই বৃহস্পতিবাৰে হঠাতে প্ৰশাসনে বেলতলা বজাৰ বন্ধ কৰি দিয়াত দূৰ-দূৰণিৰ পৰা অহা পাচলি ব্যৱসায়ী সকল সমস্যাৰ সন্মুখীন হয়।

মহানগৰীৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ সাপ্তাহিক বজাৰ হিচাপে বেলতলা গুৱাহাটীৰ পাচলি ব্যৱসায়ৰ অন্যতম প্ৰাণকেন্দ্ৰ। পাৰ্শ্বৱৰ্তী অঞ্চলৰ উপৰিও নগাঁও, মৰিগাঁও, দৰং, বৰপেটা, গোৱালপাৰা জিলাৰ পৰা বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰিবলৈ এই বজাৰখনলৈ আহে। সপ্তাহত দুদিনকৈ অনুষ্ঠিত এই বজাৰখনে মহানগৰীৰ এক বৃহৎ অঞ্চলৰ জনসাধাৰণৰ পাচলিৰ চাহিদা পূৰণ কৰে। কোনো পূৰ্ব জাননী নিদিয়াকৈ মুখ্যমন্ত্ৰীৰ সভাৰ বাবে বজাৰ বন্ধ কৰি দিয়াটো প্ৰশাসনৰ স্বেচ্ছাচাৰী নীতিৰ প্ৰতিফলন।

আপৰ ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সাধাৰণ মানুহৰ সমস্যাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা গুৱাহাটী পৌৰ নিগম মুঠেও চিন্তিত নহয় বুলি অভিযোগ উত্থাপন কৰে। ডাঃ চৌধুৰীয়ে কয়, বেলতলা বজাৰ ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ীৰ জীৱন -জীৱিকাৰ উৎস।

বহু পৰিয়ালৰ বাবে এদিন বজাৰ বন্ধ থকাৰ অৰ্থ হৈছে এদিন লঘোণে থকা। এনে অৱস্থাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাথোঁ দলীয় স্বাৰ্থ ৰক্ষাৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ নামত বজাৰ বন্ধ কৰাটো গৰিহণা যোগ্য। মুখ্যমন্ত্ৰী তথা গুৱাহাটী পৌৰ নিগমে যাতে ভবিষ্যতে এনে অগণতান্ত্ৰিক কাম- কাজৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছো। কিয়নো এখন গণতান্ত্ৰিক দেশত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সমস্যা সৃষ্টি কৰিব পৰা যিকোনো সিদ্ধান্ত গ্ৰহণৰ পৰা চৰকাৰ বিৰত থকা উচিত ৷

Exit mobile version