Jorhat Water Supply Tank:যোৰহাটৰ চাৰিগাঁও ২ নং পানী যোগান আঁচনিত চাঞ্চল্যকৰ কাণ্ড

পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ, অঞ্চলৰ প্ৰায় চাৰিশ লোকে সেৱন কৰি আহিছিল

water suply 1

Jorhat Water Supply Tank:

পানী যোগান আঁচনিত টেংকীত উদ্ধাৰ কুকুৰৰ মৃতদেহ ৷ বিগত কে’বাদিন ধৰি পানী যোগান আঁচনিৰ পৰা পানীৰ সংযোগ থকা অঞ্চলটোৰ চাৰি শতাধিক পৰিয়ালে সেৱন কৰি আছিল পানী ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোৰহাটৰ ভৰালীচুক স্থিত চাৰিগাঁও ২নং পানী যোগান আঁচনিত ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ এই পানী যোগান আঁচনিৰ ফিল্টাৰ টেংকীত কেইদিনমানৰ পূৰ্বে এটা কুকুৰ পৰি মৃত্যু হোৱা সন্দেহ কৰা হৈছে ৷ কুকুৰটো পৰি গেলিবলৈ আৰম্ভ কৰাত সন্দেহবশত: পানী যোগান আঁচনিত কৰ্মৰত অস্থায়ী কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অৱগত কৰে উৰ্ধতম কৰ্তৃপক্ষ সহ স্থানীয় লোকক ।

ইয়াৰ পাছতে হাহাকাৰ লাগে পানী যোগান আঁচনিৰ অধীনস্থ লোকসকলৰ মাজত ৷ উল্লেখ্য যে,এই আঁচনিৰ পৰা সংযোগ থকা প্ৰায় চাৰিশলোকে পানী সেৱন কৰি আহিছিল ৷ সম্প্ৰতি অঞ্চলটোৰ লোকসকলে পানীৰ বটল ক্ৰয় কৰি পানী খাবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে ।

মনকৰিবলগীয়া যে,পানী যোগান আঁচনি খনৰ পানী টেংকীত বহুদিন ধৰি নাছিল কোনো জালি বা আন সুৰক্ষিত ব্যৱস্থা ৷ একেদৰে আঁচনি খন চোৱাচিতা কৰিবৰ বাবে নাই এজনো স্থায়ী কৰ্মচাৰী ৷ মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীহে নিয়োজিত হৈ আছে ৷

এনেক্ষেত্ৰত স্থানীয় লোকে শীৰ্ঘেই এজন স্থায়ী কৰ্মচাৰী নিয়োজিত কৰি আঁচনি খন সুৰক্ষিত কৰিবলৈ দাবী জনায় ৷

Exit mobile version