Ulfa(I) Linkman Arrested In Arunachal:অৰুণাচলৰ কানুবাৰীত আলফা (স্বাঃ)ৰ ৩ লিংকমেনক আটক

ulfa

Ulfa(I) Linkman Arrested In Arunachal:

চুবুৰীয়া অৰুণাচলৰ কানুবাৰীত আটক আলফা (স্বাঃ)ৰ তিনিজন লিংকমেনক । আছাম ৰাইফলছে আলফা (স্বাঃ)ৰ তিনি লিংকমেনক ইতিমধ্যে গতাই দিছে সোণাৰি আৰক্ষীক।

উল্লেখ্য যে,আলফা (স্বাঃ)ক ধন যোগানৰ অভিযোগত আটক কৰিছে উক্ত লিংকমেন কেইজনক ৷ ধৃত লিংকমেন কেইজন  হ’ল সোণাৰিৰ ধৃত সঞ্জয় দে আৰু তেওঁৰে পুত্ৰ সুজিত দে আৰু আনজন নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক।

আনহাতে ধৃত আলফা (স্বাঃ)ৰ তিনি লিংকমেনক সোনাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version