34 most wanted criminals in India hiding in 17 countries:১৭ দেশত আত্মগোপন ভাৰতৰ ৩৪ ম’ষ্ট ৱান্টেড অপৰাধী !

doud ibrahim

34 most wanted criminals in India hiding in 17 countries:

১৭ খন দেশত সম্প্রতি আশ্রয় গ্রহণ কৰি আছে ভাৰতৰ ‘ম’ষ্ট ৱান্টেড  ৩৪ জন অপৰাধীয়ে। ১৯৮৬ৰ পৰা বিদেশত আত্মগোপন কৰি আহিছে ভাৰতৰ সবাতোকৈ কুখ্যাত ম’ষ্ট ৱান্টেড অপৰাধী ডাউদ ইব্ৰাহিম

তথ্য অনুসৰি সম্প্রতি ডাউদে পাকিস্তানৰ কৰাচীত বসবাস কৰিছে। ডাউদ পাকিস্তানত থকাৰ বহু তথ্য সময়ে সময়ে ফাদিল হৈ আহিছে ৷ দেশৰ পৰা পলায়ন কৰা দেশৰ পৰা অপৰাধ জগত বিস্তাৰ কৰাৰ প্রক্রিয়া ডাউদৰ জৰিয়তে আৰম্ভ হৈছিল। বর্তমানে ভাৰতৰ ম’ষ্ট ৱান্টেড অপৰাধীৰ তালিকাত অন্তর্ভুক্ত হোৱা ৩৪ জন অপৰাধীৰ নাম তালিকাত লৰেন্স বিষ্ণোই গেঙৰ মুৰব্বী গ’ল্ডী ব্রাবো আছে। অলপতে আমেৰিকাত বন্দুকধাৰীৰ আক্ৰমণত গ’ল্ডীৰ মৃত্যু হোৱা বুলি এক বাতৰি প্রচাৰতি হৈছিল যদিও মাৰ্কিন আৰক্ষীয়ে এয়া অস্বীকাৰ কৰিলে ৷

বিদেশত আত্মগোপনকাৰীৰ তালিকাত ডাউদ, গ’ল্ডীৰ লগতে হৰজোত সিং গিল ,গুৰুপত সিং পপ্নু,সতবিন্দৰ, দৰন কহল’, অনমল বিজ্ঞোই, অমুত বল আদিৰ নাম আছে। এইসকল পলাতক ভাৰতীয় অপৰাধীৰ সৰহ সংখ্যকে পাকিস্তান,আমেৰীকা, অস্ট্রেলিয়া, কানাডা, আজাৰবাইজান, জার্মানী, ইণ্ডোনেছিয়া, ব্রিটেইন আৰু সংযুক্ত আৰব আমিৰাতৰ দৰে দেশত আশ্রয় গ্রহণ কৰিছে। কেন্দ্রীয় গৃহ মন্ত্রণলয়ৰ তথ্য অনুসৰি সর্বাধিক ১১ জন ভাৰতীয় ম’ষ্ট ৱান্টেড অপৰাধীয়ে বর্তমানে কানাডাত বাহৰ পাতিছে ৷

Exit mobile version