Australian MP Accused of Sexual Assaultবলপূর্বক ড্ৰাগছ সেৱন কৰাই যৌন আতিশয্যৰ অভিযোগ অষ্ট্ৰেলিয়াৰ মহিলা সাংসদৰ

bitnee

Australian MP Accused of Sexual Assault:

অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা সাংসদ ব্রিটনী ল’গাই এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিলে। মহিলা সাংসদগৰাকীৰ অভিযোগ অনুসৰি, তেওঁক নিচাযুক্ত দ্রব্য সেৱন কৰোৱাই যৌন নির্যাতন চলোৱা হৈছিল।

ফে’চবুকৰ এক প’ষ্টত সাংসদ ব্রিটনীয়ে অভিযোগ কৰি কয় যে উপকূলীয় চহৰ য়েল্গুনত তেওঁৰ লগতে আন কে’বাগৰাকীও মহিলাক গোপনে ড্রাগছজাতীয় দ্রব্য সেৱন কৰাই যৌন আতিশয্য চলোৱাৰ লগতে মাৰপিট কৰা হৈছিল। মহিলা সাংসদগৰাকীৰ অভিযোগ অনুসৰি যোৱা সপ্তাহত তেওঁ এই ভয়াৱহ অভিজ্ঞতাৰ সম্মুখীন হৈছিল। ৩৭ বছৰ বয়সীয়া লেবাৰ দলৰ সাংসদ ব্রিটনীৰ এই অভিযোগে অষ্ট্ৰেলিয়াৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ঘটনা সন্দৰ্ভত সম্প্রতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ব্রিটনীয়ে অভিযোগ কৰা অনুসৰি তেওঁ নিজে কোনো ড্রাগছ বা নিচাযুক্ত দ্রব্য সেৱন কৰা নাছিল, আন লোকেহে তেওঁৰ খাদ্যত নিচাযুক্ত দ্রব্য মিহলাই তেওঁক আতিশয্য চলাইছিল।

Exit mobile version