Assam ranks first in the country in terms of voter turnout:ৰাজ্যত শান্তিপূর্ণভাৱে অন্ত পৰিল গণতন্ত্ৰৰ উৎসৱ

তৃতীয় পর্যায়ত ভোটদানৰ হাৰেৰে দেশৰ ভিতৰত প্ৰথম অসম, ৰাজ্যৰ চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ৮০ .৭১ শতাংশৰ

VOTE33

Assam Ranks First In the Country in Terms of Voter Turnout:

ৰাজ্যত শান্তিপূর্ণভাৱে অন্ত পৰিল গণতন্ত্ৰৰ উৎসৱ ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ উৎসাহজনক সঁহাৰি পৰিলক্ষিত হয় । তৃতীয় তথা অন্তিম পৰ্যায়ৰ মঙলবাৰৰ ভোটগ্রহণৰ লগে লগে ৰাজ্যত এতিয়া আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ ফলাফললৈ অন্তহীন অপেক্ষা । মঙলবাৰে নিশা পর্যন্ত উপলব্ধ তথ্যানুসৰি ৰাজ্যৰ চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ৮০ .৭১ শতাংশৰ ।

আনহাতে চাৰি সমষ্টিত ভোটদান হাৰ এনেধৰণৰ ৷ ধুবুৰী সমষ্টিত সর্বাধিক ভোটদানৰ হাৰ ৯২.৬৪ শতাংশ ,গুৱাহাটী সংসদীয় সমষ্টিত ভোটদানৰ হাৰ ৭৫.৬৭ শতাংশ , কোকৰাঝাৰত ভোটদানৰ হাৰ ৮০.৪৪ শতাংশ আৰু বৰপেটা সংসদীয় সমষ্টিত ভোটদানৰ ৮২.০২ শতাংশ ৷ ইভিএমত বন্দী হ’ল ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

এতিয়া সকলোৰে অপেক্ষা অহা চাৰি জুনলৈ। অসমৰ বাবে তৃতীয় পৰ্যায়ৰ এই নির্বাচন আছিল কেবাটাও দিশৰে পূৰ্বৰ দুটা পৰ্যায়ৰ তুলনাত ব্যতিক্রম। চাৰিটা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’লেও সর্বাধিক দল এইটো পৰ্যায়তে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল।

বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দলো নিজৰ মাজত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হয়। অসম গণ পৰিষদৰ দুয়োজন প্রার্থী এইটো পর্যায়তে ভোটযুদ্ধত অৱতীর্ণ হয়। আনহাতে, বিটিআৰৰ যুঁজখনো হয় অতি লক্ষ্যণীয়।

এনেদৰে কে’বাটাও দিশেৰে চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা আজিৰ ভোটগ্রহণৰ পাছত দল তথা প্রার্থীসকলৰ মাজত আৰম্ভ হৈছে সফলতাৰ দাবী। অধিকাংশ প্রার্থীয়ে এই দাবীও কৰে যে তেওঁলোকে ভবাতকৈ ৰাইজৰ পৰা অধিক সহাৰী লাভ কৰিছে ৷

Exit mobile version