Heavy Storm in Barhampur:নগাঁৱৰ বঢ়মপুৰত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ, বিস্তৰ ক্ষতিসাধন কাৰ্যালয়ৰ,আহত হিচাপ পৰীক্ষক সুজল বিশ্বাস

bahampur

Heavy Storm in Barhampur:

নগাঁৱৰ বঢ়মপুৰত প্ৰচণ্ড ধুমুহাত ৷ ধুমুহাত বঢ়মপুৰস্থ নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ বিস্তৰ ক্ষতি সাধন

বৃহস্পতিবাৰে সন্ধিয়াভাগত অহা বিধ্বংসী ধুমুহাত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ ৷ ফলস্বৰূপে বেটেলিয়নটোৰ অধিনায়ক কাৰ্যালয়ৰ গৃহৰ বিস্তৰ ক্ষতিসাধন হয় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আচবাব নষ্ট হয় ৷

একেদৰে অধিনায়ক কাৰ্যালয়ৰ গৃহত গুৱাহাটীৰ পৰা অহা হিচাপ পৰীক্ষকৰ দল এটাই সেই সময়ত হিচাপ পৰীক্ষা কামত ব্যস্ত হৈ আছিল ৷ কাৰ্যালয়ৰ গৃহত গছ বাগৰি পৰাৰ ফলত সুজল বিশ্বাস নামৰ গুৱাহাটীৰ হিচাপ পৰীক্ষক গৰাকী আহত হয় | তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

আনহাতে প্ৰচণ্ড ধুমুহাত বৃহত্তৰ বঢ়মপুৰ সহ পাশ্বৱৰ্তী অঞ্চলত বিস্তৰ ক্ষতিগ্ৰস্ত হয় ৷ বঢ়মপুৰ- বামুনী সংযোগী পথত বৃহৎ গছ বাগৰি পৰাৰ ফলত যাতায়ত ব্যৱস্থা আৰু বিদ্যুত যোগান ব্যাহত হয় ।

Exit mobile version