Senior Minister’s Comments on Lok Sabha Election Results:মন্ত্ৰী যেতিয়া ইভিএম হয় !

আগতিয়াকৈ ঘোষণা কৰিলে ৰাজ্যৰ ১৪টা সমষ্টিৰ ফলাফল

ranjit das

Senior Minister’s Comments on Lok Sabha Election Results:

ৰাজ্যৰ তিনিটা পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পাছত প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য এতিয়া বন্দী ইভিএমত ৷ সকলোৱে ক্ষণ গণিছে চাৰি জুনলৈ ৷ কিন্ত ইয়াৰ মাজতে ৰাজ্যৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে আগতিয়াকৈ ঘোষণা কৰিলে ৰাজ্যৰ ১৪টা সমষ্টিৰ ফলাফল ৷ তেওঁ হ’ল খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী দাস ইভিএমৰ ৰূপত অৱতীৰ্ণ হৈ সদৰি কৰিলে নিৰ্বাচনৰ আগতীয়া ৰিজাল্ট ৷ তেওঁৰ মতে,ধুবুৰীত ৰকিবুল হুচেইন জয়ী হোৱাৰ বিপৰীতে পৰাজিত হ’ব বদৰুদ্দিন আজমল ৷

সংবাদ মাধ্যমৰ আগত এখোপ আগলৈ গৈ বহুবল্কী মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, তেওঁৰ গৃহ জিলা বৰপেটাত ফণীভূষণ চৌধুৰী, গুৱাহাটীত বিজুলী কলিতা মেধি আৰু কৰিমগঞ্জত বিজেপি বিজয়ী হোৱাটো নিশ্চিত ৷ নগাঁওত ৫০-৫০ হ’ব ৷

আনহাতে,গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰাভিযানৰ সময়তবিজুলী কলিতা মেধি চাৰি লাখ ভোটৰ বৃহৎ ব্যৱধানত জিকিব বুলি মন্ত্ৰী দাসে সদৰি কৰিছিল যদিও এইবাৰ তেওঁ সুৰ সলনি কৰি কয়,বিজুলী কলিতা মেধি ব্যৱধান হ’ব ১-২.৫০লাখৰ ভিতৰত ৷একেদৰে ৰাজ্যৰ ১৪ টা সমষ্টিৰ সামগ্ৰিক ফলাফল সন্দৰ্ভত দাসে কয়,বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী ১১টা জয়ী হ’ব ৷

Exit mobile version