Bdo Arrested In Dudhnoi:দুধনৈত গ্ৰেপ্তাৰ ঘোচখোৰ বিডিঅ

দুর্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ

bdo arrested

BDO Arrested In Dudhnoi:

ৰাজ্যত ইজনৰ পাছত সিজনকৈ একাংশ ঘোচখোৰ চৰকাৰী বিষয়া- কৰ্মচাৰী দুর্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো শিকনি হোৱা নাই আন ঘোচখোৰ সকলৰ ৷
এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এজন ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া। তেওঁ হ’ল দুধনৈৰ মাটিয়াৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ৷

বকেয়া বিলৰ নামত পাঁচ হাজাৰ টকা উৎকোচ লওঁতেই বিডিঅ’ জনক গ্ৰেপ্তাৰ কৰে দুর্নীতি নিবাৰকৰ শাখাই ৷ ইতিমধ্যে আটকাধীন বিডিঅজনক অধিক তথ্যৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুর্নীতি নিবাৰকে ৷

Exit mobile version