Heroin Worth Rs 3 Crore Seized in Silchar:শিলচৰ আৰক্ষীৰ অভিযানত জব্দ তিনি কোটি টকাৰ হে’ৰইন

আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

silchar drugs

Heroin Worth Rs 3 Crore Seized in Silchar:

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ মাজতে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ । আটক হয় দুই দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰী ৷

বিশেষ খবৰৰ ভিত্তিত যোৱাকালি নিশা শিলচৰৰ ৰামনগৰ- আই এছ বি টিত আৰক্ষীৰ এটা দলে অৰ্তকিতে অভিযান চলাই জব্দ কৰে প্ৰায় ৫৭২ গ্ৰাম হেৰʼইন।

উল্লেখ্য যে,কেবাটাও চাবোনৰ বাকচত আছিল হে’ৰইন খিনি ৷ জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

আনহাতে,আৰক্ষীয়ে হে’ৰইনখিনি সৰবৰাহ কৰাৰ অভিযোগত আটক কৰে তিনি সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীত্ৰয়ে আৰক্ষী দিয়া স্বীকাৰোক্তি অনুসৰি ড্ৰাগছ খিনি মিজোৰামৰ আনিছিল আৰু শিলচৰ মাজেৰে আন ৰাজ্যলৈ নিয়াৰ পৰিকল্পনা আছিল ৷

ইতিমধ্যে তিনিজন সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে শিলচৰ আৰক্ষীয়ে

Exit mobile version