Live Ammunition Seized With Weapons in Bokajan:বোকাজানত আৰক্ষী-চিআৰপিএফৰ যুটীয়া অভিযানত জব্দ মাৰণাস্ত্ৰসহ সজীৱ গুলী

bokajan

Live Ammunition Seized With Weapons in Bokajan:

বোকাজানত আৰক্ষী-চিআৰপিএফৰ যুটীয়া অভিযানত জব্দ মাৰণাস্ত্ৰসহ কে’বাজাই সজীৱ গুলী ৷
যোৱা নিশা গোপন সূত্ৰৰ পমখেদি আৰক্ষী-চিআৰপিএফৰ যুটীয়া দলে খটখটিৰ কালিৰাম বস্তিৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ ওচৰৰ ৰে’লৱে দলঙত অৰ্তকিতে চলাইছিল অভিযান।

এনএল-০৭চিবি-৮১৭৯ নম্বৰৰৰ এখন বলেৰ’ বাহনত তালাচী চলাই ৯ এম এম বেৰেটা পিষ্টলসহ তিনিটা মেগজিন আৰু ৪৩জাই সক্ৰিয় গুলী জব্দ কৰে ৷

আনহাতে বলেৰ’ বাহন খনৰ পাঁচ আৰোহী ক্ৰমে সেইখৌ ঝিমণি,খুকিভি আয়ে , ঠংগা ৱাংছাঁ,এলটো চিচি(আটাইয়ে নাগালেণ্ডৰ) আৰু মৰিগাঁৱৰ চাত্তাৰ আলিক আটক কৰে বোকাজান আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বোকাজান আৰক্ষীয়ে

Exit mobile version