Retd .Police Arrested In Guwahati:মহানগৰীত ড্ৰাগছৰ বেহা,আৰক্ষী দম্পতী সহ তিনি আটক

চৰকাৰী হাউচিং কলনি পৰা আৰক্ষীৰ বেহা

naitrozepam

Retd .Police Arrested In Guwahati:

সৰিয়হ তলিতে ভূত ৷ ড্ৰাগছ পেডলাৰৰ ৰূপত অৱসৰ প্ৰাপ্ত আৰক্ষী ৷ ৰে’লৱে চৰকাৰী আবাসৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷

মহানগৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি দুপৰীয়া মালিগাঁও ৰে’লৱে চৰকাৰী আবাসত অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট ‘নাইট্ৰ’জেপাম উদ্ধাৰ কৰাৰ লগতে হিতেশ্বৰ কলিতা আৰু তেওঁৰ পত্নী মামণি কলিতাক আটক কৰে ৷ তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘোঁৰামৰাৰ হাউচিং কলনিৰ পৰা আটক কৰে অমৰেন্দ্ৰ কলিতা নামৰ যুৱক এজনক ৷

উল্লেখ্য যে,ঘোঁৰামৰাৰ হাউচিং কলনিৰ পৰা অব্যাহত আছিল ড্ৰাগছৰ বেহা ৷ আৰক্ষীয়ে ধৃত অমৰেন্দ্ৰ কলিতাৰ ফ্লেটটোৰ পৰাও জব্দ কৰে নাইট্ৰ’জেপাম টেবলেট | স্মতৰ্ৱ্য যে,ধৃত হিতেশ্বৰ কলিতা ৰে’লৱে আৰক্ষীৰ অৱসৰপ্ৰাপ্ত জোৱান আছিল ৷২০২৩ বৰ্ষতে অৱসৰ লয় যদিও ৰে’লৱে আবাস এৰি দিয়া নাছিল ৷

Exit mobile version