Two Militants Arrested With Drugs in Manipur:মণিপুৰত নিচাযুক্ত সামগ্ৰী সহ দুই উগ্ৰপন্থী আটক

manipur

Two Militants Arrested With Drugs in Manipur:

চুবুৰীয়া মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত আটক নিষিদ্ধ ঘোষিত ইউএনএলএফ (কে)ৰ দুই উগ্ৰপন্থী ৷ ধৃত উগ্ৰপন্থী দুজনৰ পৰা জব্দ কৰা হয় নিচাযুক্ত সামগ্ৰী সহ বহুবোৰ অস্ত্ৰ- শস্ত্ৰ ৷

ৰাজ্য খনৰ উখৰুল জিলাৰ ভিউলেণ্ড জ’ন এলেকাৰ পৰা আটকাধীন দুই সদস্যৰ নাম হুইড্ৰম জিতন জিত সিং আৰু নিংথাম অইনাম । উগ্ৰপন্থী দুজনৰ পৰা নগদ একলাখ সোতৰ হাজাৰ টকা জব্দ কৰাৰ লগতে ৪০ ৰাউণ্ড সজীৱ গুলী, ২০ গ্ৰাম হেৰ’ইন,২টা ৱাকি টকি সহ কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে নিৰাপত্ত বাহিনীয়ে।

Exit mobile version