89 Indian Army Personnel Leave Maldives:মালদ্বীপ ত্যাগ ৮৯ ভাৰতীয় সেনাৰ

মালদ্বীপৰ  বিদেশ মন্ত্ৰী মোচা জামিৰে  নতুন দিল্লীত ভাৰতীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ স'তে মিলিত এক বৈঠকত 

maldeep 2

89 Indian Army Personnel Leave Maldives:

নির্দিষ্ট সময়সীমাৰ পূৰ্বে মালদ্বীপৰ পৰা সকলো সেনা প্রত্যাহাৰ কৰিলে ভাৰতে। পূর্বে নির্ধাৰণ কৰা অনুসৰি ১০ মে’ৰ ভিতৰত মালদ্বীপৰ পৰা ভাৰতে সকলো সেনা প্রত্যাহাৰৰ সময়সীমা আছিল। কিন্তু নির্দিষ্ট দিনৰ পূর্বেই দ্বীপবাদ্ভূত নিয়োজিত ৮৯ ভাৰতীয় সেনা স্বদেশলৈ উভতি আহিল।

উল্লেখ্য যে নির্বাচনত জয়ৰ পাছতে দেশৰ পৰা ভাৰতীয় সেনাক বিতাড়নৰ সিদ্ধান্ত লৈছিল মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে। বিগত কে’বা বছৰ ধৰি মালদ্বীপত ৮০ জন ভাৰতীয় সেনা জোৱান কৰ্মৰত হৈ আছিল। মালদ্বীপত থকা দুখন ভাৰতীয় হেলিকপ্টাৰ আৰু এখন বিমান পৰিচালনাৰ কামত এই সেনা কেইজন নিয়োজিত হৈছিল।

দীর্ঘ সময় ধৰি মালদ্বীপক মানবীয় কাৰণত ভাৰতীয় সেনাই সেবা আগবঢ়াই আহিছিল। কিন্তু ৰাষ্ট্ৰপতি মুইজুৰ আপত্তি ভাৰতে মালদ্বীপৰ পৰা সকলো সেনা প্রত্যাহাৰ কৰিলে। এই বিষয়ত যোৱা দুই ফেব্ৰুৱাৰীত উভয় দেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল আৰু চুক্তি অনুসৰি ১০ মে’ৰ ভিতৰত মালদ্বীপৰ পৰা ভাৰতে ৮৯ জন সেনা আৰু সহযোগীক স্বদেশলৈ উভতাই আনিলে।

উল্লেখ্য যে,দ্বীপৰাষ্ট্ৰ খনৰ বিদেশ মন্ত্ৰী মোচা জামিৰে ইতিমধ্যেই নতুন দিল্লীত আজি ভাৰতীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ স’তে এক বৈঠকত মিলিত হৈছে ৷

এছ জয়শংকৰ

Exit mobile version