Diabetes During Pregnancy:গৰ্ভাৱস্থাত যদি হয় ডায়েবেটিছ !

diebetis

Diabetes During Pregnancy:

গর্ভাৱস্থাত বহু মহিলা ডায়েবেটিছ অর্থাৎ মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। বহু সময়ত গৰ্ভধাৰণৰ কালছোৱাত মহিলাসকলৰ তেজত চুগাৰ বৃদ্ধি পায়। এই সময়ছোৱাত পেনক্রিয়াছে অতিৰিক্ত ইনছুলিন উৎপাদন হোৱাৰ ফলত গর্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ ওজন বৃদ্ধি পায়। ফলত গর্ভৱতী মহিলাই ‘প্রিমেচিউৰ’ অর্থাৎ সময়ৰ পূৰ্বে সন্তান জন্ম দিয়াৰ সম্ভাৱনাও অধিক হয়। তদুপৰি গৰ্ভাৱস্থাত তেজত চুগাৰ বৃদ্ধি পালে তেনে মহিলা গেষ্টেষ্ট’নাল ডায়েবেটিছত আক্রান্ত হ’ব পাৰে। গৰ্ভাৱস্থাত মহিলাসকলে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পৰা কিদৰে ৰেহাই লাভ কৰিব পাৰিব, সেই সন্দৰ্ভত সবিশেষ উপায় আগবঢ়োৱা হ’ল-

#কিয় হয় এই সমস্যা ?

গৰ্ভধাৰণৰ পাছত মহিলা এগৰাকীৰ শৰীৰত ব্লাড ছুগাৰৰ মাত্ৰাৰ তাৰতম্য ঘটে। বহু মহিলাৰে এই সময়ছোৱাত চুগাৰৰ পৰিমাণ বাঢ়ি যায়। ফলত গৰ্ভৱতী মহিলাৰ শৰীৰৰ ওজন অধিক বৃদ্ধি হয়। এই সেই মহিলাগৰাকী গেষ্টেট’নাল ডায়েবেটিছত আক্রান্ত হোৱাৰ পূর্ণ শংকা থাকে। সঠিক সময়ত এই সমস্যা চিনাক্ত কৰি সঠিক চিকিৎসা গ্রহণ নকৰিলে গৰ্ভস্থ সন্তান ভবিষ্যতে ডায়েবেটিছত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।

#’প্রিমেচিউব বেবী’জন্মৰ শংকা বাঢ়ে:

গর্ভাৱস্থাত পেনক্রিয়াছে অত্যধিক ইনছুলিন তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে; কিন্তু সেই ইনছুলিনে ব্লাড ছুগাৰ হ্ৰাস কৰিব নোৱাৰে। এই অতিৰিক্ত ইনছুলিন গৰ্ভস্থ শিশুৰ শৰীৰত মেদ বা চর্বি হিচাপে জমা হ’বলৈ ধৰে। ফলত গর্ভস্থ সন্তানৰ ওজন অধিক বৃদ্ধি হয়। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে ‘প্রিমেচিউৰ বেবী’ অর্থাৎ নির্দিষ্ট সময়ৰ পূৰ্বে সন্তান জন্ম দিয়াৰ সম্ভাৱনা প্রকট হয়।

সময়ৰ আগতে সন্তানৰ জন্ম হ’লে তেনে শিশু বিভিন্ন সমস্যাত আক্রান্ত হোৱাৰ শংকা থাকে। এনে শিশুক বিশেষ যতন লোৱাৰ লগতে বহু সময়ত অধিক দিন চিকিৎসকৰ নিৰীক্ষণত ৰাখিব লাগিব পাৰে। সেয়েহে গৰ্ভধাৰণৰ কালছোৱাত তেজত চুগাৰ বাঢ়িলে লগে লগে অভিজ্ঞ চিকিৎসকৰ জৰিয়তে প্রয়োজনীয় চিকিৎসা গ্রহণ কৰা অতি জৰুৰী।

# প্ৰতিৰোধ কৰিব কিদৰে ?

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ছুগাৰ বৃদ্ধি এক গুৰুত্বৰ সমস্যা যদিও ই অস্বাভাৱিক নহয়। বহু মহিলাই গৰ্ভধাৰণ কৰোতে এই জটিল সমস্যাত আক্রান্ত হৈ আহিছে। কিন্তু এই সমস্যাটোৰ পৰা গৰ্ভৱতী মহিলাসকলে নিজকে আঁতৰাই ৰাখিব পাৰিব। গৰ্ভাৱস্থাত দেখা দিব পৰা চুগাৰ বৃদ্ধিৰ সমস্যাৰ পৰা নিজক সুৰক্ষিত ৰাখিব বিচাৰিলে মহিলাসকলে তলত দিয়া নিয়মসমূহ মানি চলিব লাগিব-

$ গৰ্ভধাৰণৰ পূৰ্বে পৰিপুষ্টি বিশেষজ্ঞৰ জৰিয়তে নিজৰ বাবে খাদ্য তালিকা এখন যুগুত কৰি লওক। যিসমূহ খাদ্য খালে শৰীৰত চুগাৰ বৃদ্ধি পায়, তেনেবোৰ খাদ্য ডায়েট তালিকাৰ বাহিৰত ৰাখক। যিসমূহ শাক- পাচলি খালে শৰীৰত ইনছুলিন বৃদ্ধি পায়, তেনেবোৰ খাদ্য গৰ্ভধাৰণৰ পূৰ্বে আৰু সময়ছোৱাত অধিক পৰিমাণত গ্রহণ কৰক। আঁহযুক্ত খাদ্য, মাহজাতীয় খাদ্য, সতেজ ফল, সেউজীয়া পাচলি অধিক পৰিমাণত গ্ৰহণ কৰক।

$পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ পিতৃ-মাতৃৰ ডায়েবেটিছ থাকিলে সতর্ক হওক। কিয়নো বংশগত কাৰণত এই ৰোগ হ’ব পাৰে। এই ক্ষেত্রত বিশেষ সাৱধানতা অবলম্বন কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

$ মিঠা খাদ্য, পানীয়, চেনি সম্পূর্ণ বৰ্জন কৰক।

$ফাষ্ট ফুড, জাংক ফুড নাখাব। এইবোৰ খাদত অত্যধিক কার্বহাইড্রেট, চর্বি থাকে যি চুগাৰ বৃদ্ধি কৰিব পাৰে।

$ নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ক। যোগাসন ডায়েবেটিছ ৰোধৰ যথেষ্ট সহায়ক। খোজ কঢ়াৰ অভ্যাসেও গর্ভাৱস্থাত মহিলাসকলক মধুমেহত আক্রান্ত হোৱাৰ পৰা সকাহ দিব পাৰে ৷

$ কার্ব হাইড্রেটযুক্ত আহাৰ গ্ৰহণৰ পৰা আঁতৰি থাকক৷

$ গর্ভাৱস্থাত ডায়েবেটিছ হ’লে চিকিৎসকৰ পৰামৰ্শত ‘ইনছুলিন গ্রহণ কৰাটো জৰুৰী।

$ চিকিৎসকৰ অনুমতি অবিহনে কোনো ঔষধ গৰ্ভাৱস্থাত গ্রহণ নকৰিব।

Exit mobile version