Kaziranga Rhino Poacher Killed:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্রচণ্ড গুলীয়াগুলী

বনকৰ্মীৰ গুলীত নিহত এজন চোৰাং চিকাৰী 

kaziranga

Kaziranga Rhino Poacher Killed:

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রচণ্ড গুলীয়াগুলী ৷ অভয়াৰণ্য খনৰ অগৰাতলী ৰেঞ্জত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘটিত গুলীয়াগুলীত এজন চোৰাং চিকাৰী থিতাতে নিহত হয় ৷

নিহত চোৰাং চিকাৰীজনৰ পৰা থ্ৰী নট থ্ৰী ৰাইফল, ৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে ৷ নিহত চিকাৰীটোৰ পৰিচয় এই পৰ্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই৷

আনহাতে,ঘটনাস্থলীত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোনালী ঘোষ উপস্থিতি পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ সঞ্চালক গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে,গড় চিকাৰ উদ্দেশ্যৰে চিকাৰী জনে আন সংগীৰ স’তে অভয়াৰণ্য খনত প্ৰৱেশ কৰিছিল ৷

কিন্ত বনৰক্ষীৰ দলে গম পাই চিকাৰীটোক ঘেৰাও কৰি এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় ৷ অৱশ্যে নিহত চিকাৰীটোৰ আন সংগী সকল পলায়ন কৰিবলৈ সক্ষম হয় | ইতিমধ্যে পলাতক চিকাৰীৰ সন্ধানত সশস্ত্ৰ বনৰক্ষীৰ দলে অভিযান আৰম্ভ কৰিছে বুলি জানিব দিয়ে সঞ্চালক ঘোষে ৷

Exit mobile version