Loksabha Election 2024 Fourth Phase Voting:আজি ৯ খন ৰাজ্যৰ ৯৬টা সমষ্টিত চতুর্থ পৰ্যায়ৰ ভোট ,কেন্দ্ৰীয় শাসিত জম্মু- কাশ্মীৰতো নিৰ্বাচন

বিয়লি তিনি বজালৈকে ভোটদানৰ হাৰ ৫২.৩ শতাংশ

fourth Phase voting

Loksabha Election 2024 Fourth Phase Voting:

লোকসভা নিৰ্বাচনৰ দেশত চতুর্থ পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷৯ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত জম্মু- কাশ্মীৰৰ মুঠ ৯৬ টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই ভোটগ্রহণৰ জৰিয়তে বহুসংখ্যক ৰথী-মহাৰথীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷
উল্লেখ্য যে, আজি ভোটগ্রহণ হোৱা সমষ্টিসমূহৰ অন্ধ্ৰ প্ৰদেশ (২৫), বিহাৰ (৫), ঝাৰখণ্ড (৪), মধ্যপ্ৰদেশ (৮), মহাৰাষ্ট্ৰ (১১), ওড়িশা (৪), তেলেংগানা (১৭), উত্তৰ প্ৰদেশ (১৩) , পশ্চিম বংগ (৮), আৰু জম্মু-কাশ্মীৰ (১) ত আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোটদানত বিয়লি তিনি বজালৈকে ৯৬খন আসনত গড়ে ৫২.৩ শতাংশ ভোটদান হৈছে ৷

স্মতৰ্ৱ্য যে,২০১৯ চনৰ পিছত আজি জম্মু-কাশ্মীৰত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছে। শ্ৰীনগৰ সমষ্টিৰ বাবে ভোটগ্ৰহণ চলি আছে | কেন্দ্ৰীয় শাসিত অঞ্চলৰ দুখন লোকসভা আসনৰ ভিতৰত এখন। বিজেপিৰ আপত্তিত অনন্তনাগ-ৰাজৌৰী আসনৰ ভোটগ্ৰহণ ২৫ মে’লৈ পিছুৱাই দিয়া হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্যৰ পিছত নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছৰ মুৰব্বীলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰাৰ সময়তে আজিৰ ভোটগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

আজি অনুষ্ঠিত নিৰ্বাচনত ৰথী-মহাৰথীসকলৰ মাজত আছে দুই বাকপটু নেতা ক্রমে তৃণমূল কংগ্ৰেছৰ শত্রুঘ্ন সিন্‌হা আৰু এআইএমআইএমৰ বিতর্কিত নেতা আছাদুদ্দিন ওবেইছি।

লখিমপুৰ খেৰিত কৃষকৰ মৃত্যুৰ সৈতে জড়িত কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিং আৰু অজয় ​​মিশ্ৰ, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ, যিয়ে কথিত প্ৰশ্নৰ বিপৰীতে নগদ ধনৰ বিষয়টোক লৈ নিলম্বিত হোৱাৰ পিছত পুনৰ সংসদত স্থান লাভ কৰাৰ আশা কৰিছে। একেদৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, কংগ্ৰেছৰ অধিৰ ৰঞ্জন চৌধুৰী, তৃণমূলৰ শত্ৰুঘন সিনহা আৰু নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাও আছে নিৰ্বাচনী ৰণক্ষেত্ৰত ।

মনকৰিবলগীয়া যে,ওৱেইছিয়ে এআইএমআইএমৰ দুর্গ হায়দৰাবাদতে নির্বাচনত অৱতীৰ্ণ হৈছে। তেওঁৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা হেভীৱেট প্রার্থী হ’ল বিজেপিৰ মাধৱীলতা। দক্ষিণৰ জনপ্রিয় অভিনেত্রী মাধবীলতাই সমষ্টিটোত নির্বাচনী উত্তাপ বহুগুণে বৃদ্ধি কৰিছে। তদুপৰি কংগ্ৰেছৰ লোকসভাৰ দলপতি নেতা অধীৰ বৰঞ্জন চৌধুৰী, প্রাক্তন ক্রিকেটাৰ ইউছুফ পাঠান আদিৰো ভাগ্য নির্ণয় হ’ব। কংগ্ৰেছ নেতা চৌধুৰীৰ বিৰুদ্ধে অবতীর্ণ হৈছে পাঠান। ১৯৯৯ৰ পৰা চৌধুৰীয়ে পশ্চিমবংগৰ বহৰামপুৰক প্ৰতিনিধিত্ব কৰি আছে। এইবাৰ তেওঁৰ বিৰুদ্ধে প্রাক্তন ক্রিকেটাৰ পাঠানে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰিছে।

আজি অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত চুবুৰীয়া পশ্চিমবংগৰ কেতবোৰ অঞ্চলত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৷কৃষ্ণনগৰত তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ সৈতে হোৱা সংঘৰ্ষত আহত হয় চিপিএমৰ এগৰাকী কৰ্মী। বৰধমন-দুৰ্গাপুৰ আসনতো সংঘৰ্ষৰ বাতৰি পোৱা গৈছে। তেলেংগানাৰ ভদ্ৰদ্ৰী কোঠাগুডেম জিলাত সংঘটিত এক মৰ্মান্তিক ঘটনাত ভোটগ্ৰহণৰ কৰ্তব্যৰত এজন চৰকাৰী কৰ্মচাৰীৰ হাৰ্ট এটেকত মৃত্যু হয়।

উল্লেখ্য যে,পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচন ২০ মে’ত অনুষ্ঠিত হ’ব। ১ জুনত অন্তিম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব।

Exit mobile version