PHE Executive Engineer Arrested:উৎকোচ লৈ হাত দাঙিলে লখিমপুৰৰ জনস্বাস্থ্যৰ কাৰ্যবাহী অভিযন্তাই

২০ হাজাৰ টকা ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক

ee arrested

PHE Executive Engineer Arrested:

পুনৰ হাত দাঙিলে আৰু এজন ঘোচখোৰ বিষষাই ৷ লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ দুনীৰ্তি নিবাৰক শাখাৰ ৷

গুৱাহাটীৰ ৰাজপথত এজন ঠিকাদাৰৰ পৰা বিল পাছ কৰি দিয়াৰ বিনিময়ত ২০ হাজাৰ টকা লওঁতেই দুনীৰ্তি নিবাৰক শাখাৰ জালত পৰে কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি ঠিকাদাৰৰ পৰা উৎকোচ লৈ আহিছিল ধৃত কাৰ্যবাহী অভিযন্তা গোস্বামীয়ে ৷
আনহাতে শেহতীয়া খবৰ মতে, ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থ বাসভৱনত দুনীৰ্তি নিবাৰক শাখাই অভিযান চলাই জব্দ কৰে ৮০ লক্ষাধিক টকা ।

Exit mobile version