Atul Bora:বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল

মনোনয়ন পত্র দাখিল পৰ্বত উপস্থিত অগপৰ সভাপতি অতুল বৰা

atul bora 1

Atul Bora:

উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিল পৰ্বত এনডিএ-ৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা উপস্থিত থাকি অগপৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই কাৰ্যসূচীত উপস্থিত থাকি অতুল বৰাই কয়- ” সৰ্বজনপ্ৰিয় নেতা তথা দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থকা এই দিনটো আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আৰু বলিষ্ঠ নেতৃত্বৰ বাবে দেশবাসী এতিয়া অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে। মোদী আৰু সৰ্বাংগীণ উন্নয়নৰ প্ৰতি থকা আস্থা-সমৰ্থনৰ প্ৰতিচ্ছবিখন আজি স্বচক্ষে বাৰাণসীতো পুনৰ প্ৰত্যক্ষ কৰিলো আৰু আমি নিশ্চিত যে নৰেন্দ্ৰ মোদীক বাৰাণসীবাসীয়ে ব্যাপক ভোটৰ ব্যৱধানত বিজয়ী কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব।”

মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, উত্তৰ-পূবৰপৰা নেচনেল পিপলছ পাৰ্টিৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা, ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ অন্যান্য নেতৃবৰ্গ উপস্থিত থাকে ।

Exit mobile version