West Bengal;নিৰপেক্ষ, স্বাধীন তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সন্দেশখালিৰ মহিলা

sandaskhali

West Bengal:

পশ্চিমবংগৰ সন্দেশখালিৰ নির্যাতিত মহিলাই এইবাৰ নিৰপেক্ষ আৰু স্বাধীন তদন্তৰ দাবী জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল।

ন্যায়াধীশ বিআৰ গভাই আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ এই সন্দৰ্ভত এক আবেদন দাখিল কৰিলে সন্দেশখালিৰ একাংশ মহিলাই। সন্দেশখালিৰ মূল গোচৰৰ স’তে এই আবেদনৰ শুনানি গ্রহণ কৰা হ’ব বুলি আদালতে সদৰী কৰে। পূৰ্বে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত সন্দেশখালি প্ৰসংগত গোচৰ তৰিছিল।

চৰকাৰে আবেদনত উল্লেখ কৰিছিল যে বিজেপিয়ে সন্দেশখালিত যি ষড়যন্ত্ৰ ৰচিছিল, তাৰ যাতে সঠিক তদন্ত কৰা হয়। এইবাৰ এই বিষয়ত পৃথকভাৱে গোচৰ ৰুজু কৰিলে সন্দেশখালিৰ একাংশ মহিলাই।

Exit mobile version