AIUDF has Issued a Notice to Two Hailakandi MLAs to Show Cause:হাইলাকান্দিৰ ২ বিধায়কক কাৰণ দৰ্শোৱাৰ জাননী এআইইউডিএফৰ

বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰীলৈ জাননী,পাঁচদিনৰ ভিতৰত দিব লাগিব উত্তৰ

two mla

AIUDF has Issued a Notice to Two Hailakandi MLAs to Show Cause:

সদ্য সমাপ্ত নিৰ্বাচনত বৰাকৰ দুই এআইইউডিএফ বিধায়কে গোপনে কংগ্ৰেছৰ স’তে মিতিৰালি গঢ়ি কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক সহায় কৰিবলৈ কোনো লোকৰে হোৱা টেলিফোনিক বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷

কংগ্ৰেছৰে মিতিৰালি কৰাৰ অভিযোগ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী আৰু কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰ বিৰুদ্ধে ৷ সুজাম উদ্দিন লস্কৰৰ ভাইৰেল হোৱা ফোনকলত সকলো তথ্য পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰে এআইইউডিএফৰ কেন্দ্ৰীয় নেতৃবৰ্গ ৷

আজি দলে হাইলাকান্দিৰ দুই বিধায়কক কাৰণ দশোৱাৰ জাননী জাৰি কৰে ৷ এই সন্দৰ্ভত এআইইউডিএফে এক সংবাদমেল আয়োজন কৰি দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু
আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ বিষয়ে সাংবাদিক মেলত সদৰি কৰে ৷ পাঁচদিনৰ ভিতৰত জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ ৷ যথা সময়ত উত্তৰ নাপালে দুয়োজনৰ বিৰুদ্ধে দলে কঠোৰ ব্যৱস্থা গ্ৰহণ লোৱা হ’ব বুলি জনায় মানকাছাৰৰ বিধায়কজনে ৷

Exit mobile version