HOJ YATRA :উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজ যাত্ৰা

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মদিনালৈ ৰাওনা হ'ব ৩৭০০ হজযাত্ৰী

hoj

 HOJ YATRA :

উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজ যাত্ৰা । বৰঝাৰস্থিত বিমানবন্দৰৰ পৰা মদিনালৈ উৰা মাৰিব উত্তৰ- পূবৰ প্ৰায় ৩৭০০ গৰাকী হজযাত্ৰীয়ে  সেই অনুসৰি আজি ৩২৬ গৰাকী হজযাত্ৰী বিমানেৰে মদিনাৰ মক্কা অভিমুখে উৰা মাৰে । পৰ্যায়ক্ৰমে ১৬ মেৰ পৰা জুনৰ পৰা ২৫ মেলৈ চলিব এই যাত্ৰা ।

হজ কমিটিয়ে Spicejetৰ বিশেষ বিমান জৰিয়তে এই হজযাত্ৰা আৰম্ভ কৰিছে । এই বিশেষ বিমানখনত একেলগে ৩২৬জন যাত্ৰী যাত্ৰা কৰিব পাৰিব । নিতৌ এই বিমানখন বিয়লি ভাগত মক্কা অভিমুখে উৰা মাৰিব । আনহাতে ১৯ মেত মদিনালৈ উৰা মাৰিব দুখনকৈ বিমান ৷

বিমানবন্দৰত হজযাত্ৰীসকলৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূৱ হজ অভ্যৰ্থনা কমিটিয়ে । বিমানবন্দৰৰ অস্থায়ী শিৱিৰতে হাজীসকলৰ বাবে চেক ইন কাউন্টাৰ,ইমিগ্ৰেচন কাউন্টাৰ,স্কেনাৰ আদিৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, আজিৰ এই হজৰ যাত্ৰাৰ আৰম্ভণি কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ,উত্তৰ পূৱ হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে

Exit mobile version