Supreme Court Ruling On Illegal Citizens:অবৈধ নাগৰিক সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

supreme court

Supreme Court Ruling On Illegal Citizens:

অবৈধ নাগৰিকক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ অসমৰ ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা ১৭গৰাকী বাংলাদেশীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বিতাড়নৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷

ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ অক্কা আৰু উজ্জ্বল ভূঞাৰে গঠিত খণ্ড বিচাৰপীঠে জাৰি কৰে এই নির্দেশনা ৷ উল্লেখ্য যে, ৰাজ্যৰ ডিটেনশ্যন কেম্প সমূহত আবদ্ধ হৈ আছে ১৭গৰাকী বাংলাদেশী ৷ ইয়াৰ ভিতৰত চাৰি গৰাকী বাংলাদেশী প্ৰায় দুবছৰৰ পৰা আবদ্ধ হৈ আছে ডিটেনশ্যন কেম্পত

মনকৰিবলগীয়া যে,ৰাজ্যত থকা বিদেশী ন্যায়াধীকৰণে ইতিপূর্বে উল্লিখিত লোক কেইজনক বিদেশী হিচাপে চিনাক্ত কৰিছিল ।

উল্লেখযোগ্য,সৰ্বোচ্চ ন্যায়ালয়ে ১৭ বাংলাদেশীক বিতাড়নৰ পূৰ্বে তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ বিচৰাধীন নকৰিবলৈ নিৰ্দেশ দিয়ে ৷ আনহাতে আদালতে এই ক্ষেত্ৰত ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণক এই কথা নিশ্চিত কৰাৰ নিৰ্দেশনা জাৰি কৰে ৷

Exit mobile version