Thaneswar Boro:গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো

উন্নত চিকিৎসাৰ বাবে ভৰ্তি জি এম চিএইছত

THANESWAR BORO

Thaneswar Boro:

গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক জিএমচিএইছত ভৰ্তি ৷ বৰ্ষীয়াণ ৰাজনীতি গৰাকী ৰঙিয়াৰ নিজ বাসগৃহত দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল যদিও কিছুদিন পূৰ্বে তেখেতক ভৰ্তি কৰা হয় হাস্পতালত ৷

কিন্ত চিকিৎসাধীন অৱস্থাত তেওঁৰ স্বাস্থ্যৰ অধিক গুৰুত্বৰ হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় জিএমচিএইছত ৷

জিএমচিএইছলৈ অহাৰ পূৰ্বে তেওঁ খাদ্য গ্ৰহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷একেদৰে দেহৰ বিভিন্ন অংগত পানী জমা হোৱা বাবে জিএমচিএইছৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁৰ চিকিৎসা ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে ৷

ইতিমধ্যে তেওঁৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ সমস্ত চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি জানিব পৰা গৈছে ৷

ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা বড়ো প্ৰফুল্ল কুমাৰ মহন্তৰ কেবিনেটত শিক্ষা আৰু ৰাজহ দপ্তৰৰ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

Exit mobile version