200 Employees of The Agricultural Marketing Board Have Voluntarily Retired:আর্থিক নাটনিৰ বাবে কৃষি বিপণন পৰিষদৰ দুই শতাধিক কৰ্মচাৰীক স্বেচ্ছা অৱসৰ !

৩০৩ জনক কৃষি সঞ্চালকালয়ত সংলগ্নকৰণৰ সিদ্ধান্ত চৰকাৰৰ

marketing board

200 Employees of The Agricultural Marketing Board Have Voluntarily Retired:

ৰাজ্য চৰকাৰৰ আৰ্থিক নাটনি জটিল হোৱাৰ ইংগিত স্পষ্ট হৈছে। বিত্তীয় জটিলতাৰ অজুহাত দি চৰকাৰে সম্প্ৰতি অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দুই শতাধিক কর্মচাৰীক স্বেচ্ছামূলক অৱসৰ (ভিআৰএছ) দিবলৈ প্রস্তুত হৈছে। একেদৰে পৰিষদৰ তিনি শতাধিক কৰ্মচাৰীক ৰাজ্যিক কৃষি সঞ্চালকালয়ত সংলগ্ন বা পুনঃনিয়োজিতকৰণৰ প্রস্তুতিও চৰকাৰে চলাইছে।

ইতিমধ্যে এনে প্ৰক্ৰিয়াৰ বিষয়ে পৰিষদৰ মুখ্য কার্যবাহী বিষয়াক অৱগত কৰিছে কৃষি বিভাগে। চলিত ২০২৪ৰ ২৬ এপ্রিলত কৃষি বিভাগৰ যুটীয়া সচিব বিপুল দাসে কৃষি বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰত পৰিষদৰ একাংশ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আৰু আন একাংশক পুনৰ নিয়োজিত কৰিবলৈ লোৱাৰ বিষয়ে প্রকাশ পায়।

বিত্ত বিভাগে খৰচৰ জোৰা মৰাত অপাৰগতা প্রকাশ কৰাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰে কৃষি বিপণন পৰিষদৰ ২০৩ জন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। আন ৩০৩ জনক কৃষি সঞ্চালকালয়ত সংলগ্নকৰণৰ সিদ্ধান্ত যুগুতাইছে চৰকাৰে।

চলিত ২০২৪ৰ পহিলা জানুৱাৰীত বয়স ৫৫ বছৰ পাৰ হোৱা পৰিষদৰকৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ আৰু আনসকলক সংলগ্নকৰণ কৰিব চৰকাৰে। পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহাকে ধৰি আনুষংগিক খৰচ কৰিব নোৱৰাৰ বাবে চৰকাৰে এনে পথ লোৱাৰ ইংগিত স্পষ্ট হৈছে। এনে পদক্ষেপৰ ফলত কৃষি বিপণন পৰিষদ নিষ্ক্রিয় হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version