Jorhat Murder: সুৰাপায়ী পিতৃক পুত্ৰ-পত্নীয়ে হত্যা কৰি সৎকাৰ কৰিলে মৃতদেহ !

পত্নী - নাবালক পুত্ৰক আটক

jorhat 1

Jorhat Murder:

সুৰাপানৰ পৰিণতিত লোমহৰ্ষক হত্যাকাণ্ড ৷ যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাৰ ২৮ নম্বৰ মাঝি লাইনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । নাবালক পুত্ৰ আৰু পত্নীয়ে হত্যা কৰি মৃতদেহ সৎকাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷

উল্লেখ্য যে,প্ৰহ্লাদ চুৰেণ নামৰ লোকজন প্ৰেচাৰ ষ্ট্ৰ’কত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জনোৱাত স্থানীয় লোকে ধাৰ্মিক ৰীতি অনুসৰি সৎকাৰ কৰে দুদিন পূৰ্বে । কিন্ত পৰৱৰ্তী সময়ত স্থানীয় লোকে অভিযোগ কৰে যে প্ৰহ্লাদ চুৰেণক নিজ পুত্ৰ- পত্নীয়ে হত্যা কৰিছে ৷

উল্লেখ্য যে ,প্ৰহ্লাদ চুৰেণে সুৰাপান কৰি ঘৰত এক অশান্তিকৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে পত্নী- পুত্ৰক মাৰধৰ কৰে ৷ দৈনিক সংঘটিত হোৱা ঘটনাত অতিষ্ঠ হৈ তেওঁৰ পত্নীৰ উপস্থিতিত নাবালক পুত্ৰই পিতৃক বেলচাৰে মূৰত প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় বুলি স্থানীয় লোকে অভিযোগ কৰে ৷

আনহাতে সমস্ত ঘটনাটো গাপ দিয়াৰ চেষ্টাৰে পত্নী- পুত্ৰই পলায়ন কৰে ৷ শুক্ৰবাৰে সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে চিনামৰা আৰক্ষীয়ে ফৰেনছিকৰ বিভাগৰ এটা দলক লৈ প্ৰহ্লাদ চুৰেণৰ সৎকাৰস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷
আনহাতে ঘটনাক্ৰমে শণিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে প্ৰহ্লাদ চুৰেণৰ নাবালক পুত্ৰ আৰু পত্নীক । ইতিমধ্যে আৰক্ষীৰ জেৰাত দুয়োৰে ঘটনাৰ স্বীকাৰোক্তি দিয়ে বুলি জানিব পৰা গৈছে ৷

Exit mobile version