RPF Recovered Tortoise In New Jalpaiguri Railway Station:ৰে’লৱে আৰক্ষীৰ অভিযানত নিউ জলপাইগুৰি ষ্টেচনত জব্দ লুপ্ত প্ৰজাতিৰ কাছ

tortoise recovered

RPF Recovered Tortoise In New Jalpaiguri Railway Station:

জি আৰ পিএফৰ অভিযানত জব্দ লুপ্ত প্ৰজাতিৰ কাছ ৷ নিউ জলপাইগুৰি ৰে’ল ষ্টেচনত ৰৈ থকা ১২৫০৭ নং তিৰুৱনন্তপুৰম চেন্ট্রেল শিলচৰ আৰোনাই এক্সপ্ৰেছত জি আৰ পিএফৰ এটা দলে নিয়মীয়া তালাচী চলাই থকা সময়তে এটা পৰিত্যক্ত বস্তুাৰ পৰা উদ্ধাৰ কৰে লুপ্ত প্রায় প্রজাতিৰ ১০ টা জীৱিত কাছ ৷

উল্লেখ্য যে,ট্ৰেইন খনৰ কোচ নং এছ-১২ ডবাৰ এটা চিটৰ ওপৰত থকা এটা বস্তুাৰ ভিতৰৰ নীলা ৰঙৰ কন্টেইনাৰত আছিল কাছ কেইটা ৷ সন্দেহ কৰা মতে,কোনো লোকে অবৈধভাৱে সৰবৰাহৰ বাবে লৈ আনিছিল কাছ কেইটা ৷ অৱশ্যে কাছ কেইটা কঢ়িয়াই অনা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল জি আৰ পি এফ ৷

নিউ জলপাইগুৰি ৰে’লৱে সুৰক্ষা বাহিনীৰ দলে বিভাগীয় আনুষ্ঠানিকতা সম্পন্ন কৰি জব্দকৃত লুপ্ত প্রায় প্রজাতিৰ ১০ টা জীৱিত কাছক ইতিমধ্যে চমজাই দিয়ে পশ্চিমবংগ বন বিভাগক ৷

Exit mobile version