Elon Musk:শিশুৰ বাবে সামাজিক মাধ্যম ক্ষতিকাৰক, আঁতৰাই ৰাখিবলৈ পৰামৰ্শ মাস্কৰ

elon musk 88

Elon Musk:

টেছলা-স্পেচএবক্সসহ একাধিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা বিশ্বৰ অন্যতম এজন সাম্প্রতিক সময়ৰ ধনাঢ্য ব্যক্তি এলন মাস্কে সামাজিক মাধ্যমৰ ক্ষতিকাৰক দিশৰ সন্দৰ্ভত অভিভাৱকসকলক সতর্ক কৰিলে।

সামাজিক মাধ্যম ‘এক্স’ৰ স্বত্বাধিকাৰী মাস্কে এক সম্মিলনত অংশ লৈ কয় যে সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মৰ মস্তিষ্কৰ যথেষ্ট ক্ষতি হৈছে। মাস্কে শিশুসকলৰ বাবে সামাজিক মাধ্যম অতিকৈ ক্ষতিকাৰক বুলি অভিহিত কৰি শিশুক যিকোনো পৰিস্থিতিতে সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ অভিভাৱকসকলক পৰামৰ্শ দিলে।

মাস্কে উক্ত সম্মিলনত এইদৰে ক’লে, ‘সামাজিক মাধ্যম বিশেষকৈ শিশুৰ বাবে অতি ক্ষতিকাৰক। সামাজিক মাধ্যমৰ পৰা শিশুক আঁতৰাই ৰখাটো জৰুৰী। দীর্ঘসময়ৰ বাবে সামাজিক মাধ্যম শিশুবে ব্যৱহাৰ কৰাটো যাতে শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখে।

শিশুৱে কৃত্রিম বুদ্ধিমত্তাৰ দৰে বিষয়সমূহৰ প্ৰতি অধিক আগ্রহ প্রকাশ কৰে। শিশুৱে কৃত্রিম বুদ্ধিমত্তাৰ স’তে সময় অতিবাহিত কৰিলে ইয়াৰ নেতিবাচক প্ৰভাৱ শিশুৰ বিকাশত পৰাটো স্বাভাবিক। সেয়েহে সামাজিক মাধ্যমৰ পৰা শিশুক অভিভাৱকে আঁতৰাই ৰখা উচিত।’ উল্লেখ্য যে পূর্বেও মাস্কে শিশুৰ বাবে ফে’চবুক, ইনষ্ট্ৰগ্ৰামৰ দৰে সামাজিক মাধ্যম ক্ষতিকাৰক বুলি মন্তব্য কৰিছিল ৷

Exit mobile version