School Timings Advanced In Kamrup Metro Dist. Due To Sweltering Heat::গ্ৰীষ্মপ্ৰৱাহৰ বাবে কামৰূপ মহানগৰত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী ঘোষণা

school 99

School Timings Advanced In Kamrup Metro Dist. Due To Sweltering Heat:

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীটো উৎকট গৰমে বিপৰ্যস্ত হৈ পৰিছে জনজীৱন ৷ পুৱাৰে পৰা খাও খাও মূর্তি ধৰি উদিত সূৰ্যৰ পৰা নিগৰিত ৰ’দৰ প্রকোপ আজি ইমানেই ভয়ংকৰ আছিল যে গুৱাহাটীকে ধৰি ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৪০ ডিগ্রী ছেলচিয়াছ স্পর্শ কৰে। বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য মতে, আজি গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৪০ ডিগ্রী ।

প্ৰৱল গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে জিলা আয়ুক্তই ৷ সেই অনুসৰি প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ ৷ একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময়সূচী ৭.৩০ৰ পৰা ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে ৷

আনহাতে, এই নিৰ্দেশনা ২৭ মে’ৰ পৰা কাৰ্যকৰী হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে ৷ ইতিমধ্যে এই নতুন সময়সূচী সম্পকীয় নিৰ্দেশনা শিক্ষা বিভাগে ৰাজ্য সকলো জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version