Loksabha Election Campaign Sarbananda Sonowal:উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

পশ্চিম বংগত 'জংঘলৰাজ, গুণ্ডাৰাজ'ৰ বাবে তৃণমূল কংগ্রেছক তীব্র সমালোচনা , সর্বাংগীণ উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ জনতাক আহ্বান সোণোৱালৰ

sarbananda 1

Loksabha Election Campaign Sarbananda Sonowal:

লোকসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ ক্ষিপ্ৰতৰ কৰি তোলে। উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্রার্থী তাপস ৰয়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় সোণোৱালে, আনহাতে দম দম লোকসভা আৰু দক্ষিণ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাসকলৰ সৈতেও সভাত মিলিত হয় কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। মোদী মেজিকৰ ফলত বিজেপিয়ে পশ্চিম বংগৰ পৰা ৪২ খন আসনৰ ভিতৰত কমেও ৩২ খন আসন জিকিব বুলি সোণোৱালে মত প্রকাশ কৰে।

উত্তৰ কলকাতা লোকসভা সমষ্টিৰ নিৰ্বাচনী জনসভাত ভাষণ দি বিজেপি নেতা সৰ্বানন্দ সোণোৱালে কয়, পশ্চিম বংগৰ গৌৰৱৰ দিনবোৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে কিয়নো তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলসমূহৰ দশক দশকজোৰা অপশাসন, ভ্ৰষ্টাচাৰ, জংঘলৰাজে পশ্চিম বংগত ধ্বংসযজ্ঞ চলাই আহিছে। বংগৰ এই পুণ্যভূমি, য’ৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ক্ষুদিৰাম বোস, স্বামী বিবেকানন্দ আদিৰ দৰে বহু মহান বীৰ-বীৰাঙ্গনা, মনীষীয়ে অতুলনীয় কৰ্মৰাজিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰিছিল, তাৰ বিপৰীতে বংগৰ সুনাম নষ্ট কৰাত আগভাগ লৈছে তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলে। পশ্চিম বংগত এতিয়া মমতা বেনাৰ্জীৰ নেতৃত্বত জংঘলৰাজ, গুণ্ডাৰাজ চলিছে। মমতা বেনাৰ্জীৰ এই জংঘলৰাজ, গুণ্ডাৰাজৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ মাধ্যম হিচাপে পশ্চিম বংগৰ জনতাই এইবাৰৰ লোকসভা নির্বাচনক অতি গুৰুত্বসহকাৰে লৈছে আৰু মোদীৰ বলিষ্ঠ নেতৃত্বত ৪০০ আসন পাৰৰ লক্ষ্যত সর্বোচ্চ উজাৰি অৰিহণা যোগাবলৈ পূর্ণোদ্যমে সাজু হৈছে।

সোণোৱালে ভাষণ প্রসংগত কয়, দুর্ভাগ্যজনক যে বংগৰ মহিলাসকলে তৃণমূল কংগ্ৰেছৰ স্বৈৰাচাৰী শাসনকালত চৰম ভাবুকি পাইছে। এগৰাকী মহিলা নেতৃত্বত থকা তৃণমূল কংগ্রেছ চৰকাৰৰ ঘৃণনীয় কাণ্ডৰ কথা চৌদিশে ফাদিল হৈছে। মমতা বেনাৰ্জীৰ কু-নেতৃত্বত পশ্চিম বংগত মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে, শালীনতা হানি হৈছে। এইবাৰৰ লোকসভা নিৰ্বাচনত পদুম ফুলৰ চিনত ভোট দি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ মহিলাশক্তিক আহ্বান জনালোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত বিশ্বৰ অন্যতম শীর্ষ অর্থনৈতিক শক্তি হোৱাৰ দিশত ভাৰত দ্রুতগতিত আগবাঢ়িছে। এই দিশত বংগৰ লোকসকলে ‘সবকা সাথ সবকা বিকাশ, বিশ্বাস আৰু প্ৰয়াস’ৰ বাবে ভোট দিবলৈ টঙালি বান্ধিছে।” আনহাতে মমতা বেনাৰ্জীক ‘বৰাক-ব্ৰহ্মপুত্র, পাহাৰ-ভৈয়াম’ৰ সমন্বয়ৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায় সোণোৱালে।

লক্ষণীয় যে যুৱ ছাত্র নেতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা সোণোৱালে পশ্চিম বংগত অনুষ্ঠিত ৰ’ড শ্ব’ত যুৱ ভোটাৰসকলৰ পৰা ব্যাপক সঁহাৰি-সমৰ্থন লাভ কৰে। সর্বানন্দ সোণোৱালে নির্বাচনী প্ৰচাৰ চলাই কয়, সামগ্রিক উন্নয়নৰ মন্ত্ৰ হিচাপে সমগ্ৰ দেশৰ লগতে বংগৰ মানুহেও ‘মোদী মেজিক’ উপলব্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে উন্নয়ন আৰু বিকাশৰ নতুন উচ্চতাত উপনীত হৈছে। ‘মোদীৰ গেৰাণ্টি’য়ে বংগক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দিশে আগুৱাই নিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে দম দম লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শীলভদ্র দত্ত, ৰাজ্যসভাৰ সাংসদ শমিক ভট্টাচার্য, পশ্চিম বংগ বিজেপিৰ প্ৰাক্তন উপ-সভাপতি বিশ্বপ্রিয় ৰায়চৌধুৰী, লোকসভা প্ৰভাৰী সন্দীপ বেনার্জী, দম দম বিধানসভা সমষ্টিৰ প্ৰবাসী প্ৰভাৰী শিলাদিত্য দেৱ আৰু সৈকত দত্ত চৌধুৰী প্রমুখ্যে দলীয় সতীর্থসকলে।

Exit mobile version