WHO Report:কৰ’নাৰ কাৰণত বিশ্বজুৰি মানুহৰ আয়ুস হ্রাস পালে দুবছৰ : বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী

বিশ্বত বর্তমানে মানুহৰ গড় আয়ুস হ'ল ৭১ বছৰ চাৰি মাহ

who

WHO Report:

কৰ’নাৰ প্রভাৱত বিশ্বজুৰি মানুহৰ গড় আয়ুস হ্রাস পালে প্রায় দুবছৰ। এই তথ্য সদৰী কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। সমগ্র বিশ্বজুৰি ভয়ংকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল কৰ’না মহামাৰীয়ে। বর্তমান পর্যন্ত কৰ’নাত আক্ৰান্ত হৈ বিশ্বত প্রাণ হেৰুৱালে ৭০ লাখৰো অধিক লোকে। এই ভাইৰাছত আক্রান্ত হ’ল বিশজুৰি ৭০ কোটিৰ অধিক নাগৰিক।

কৰ’নাৰ ব্যাপক সংক্রমণৰ পাছৰে পৰা বিশ্বজুৰি মানুহৰ গড় আয়ুস কমেও ১৮ মাহকৈ হ্রাস পালে বুলি এক প্রতিবেদনত দাবী কৰিলে হু’ৱে। বিশ্ব স্বাস্থ্য পৰিসংখ্যাৰ বার্ষিক প্রতিবেদনত এই তথ্য সদৰী কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ১৮ মাহ হ্রাস পোৱাৰ কাৰণত বিশ্বত বর্তমানে মানুহৰ গড় আয়ুস হ’ল ৭১ বছৰ চাৰি মাহ। গড় আয়ুস হ্ৰাসৰ লগতে এবছৰ পাঁচ মাহ হ্রাস পালে শাৰীৰিকভাবে সুস্থ-সক্ষম থকাৰ গড় বয়স সীমাও।

হু’ৰ তথ্য অনুসৰি, বর্তমানে বিশ্বজুৰি শাৰীৰিকভাবে সুস্থ, সক্ষম হৈ থকাৰ গড় বয়স হ্রাস পালে ৬১ বছৰ ন মাহলৈ। এই প্রতিবেদনত হু’ৱে লগতে কয় যে গড় আয়ুস হ্রাসৰ জৰিয়তে এই বিশ্বই আকৌ এবাৰ ২০১২ বর্ষলৈ উভতি গ’ল। ২০১২ বর্ষত বিশ্বজুনি মানুহৰ গড় আয়ুস আছিল ৭১ বছৰ চাৰি মাহ আৰু গড় সুস্থ, সক্ষম হৈ থকাৰ বয়স সীমা আছিল ৬১ বছৰ ন মাহ।

উল্লেখ্য যে যোৱা জানুৱাৰীত বিশ্বখ্যাত লেনচেট’ স্বাস্থ্য পত্রিকাত এক প্রবন্ধ প্রকাশ পাইছিল আৰু উক্ত প্রবন্ধত উল্লেখ কৰা হৈছিল যে কৰ’না মহামাৰীৰ গ্ৰাসত বিশ্বজুৰি মানুহৰ গড় আয়ুস এবছৰ ছমাহ হ্রাস পালে। বিশেষজ্ঞৰ মতে, মানুহৰ গড় আয়ুসৰ ওপৰত যি গভীৰ প্রভাৱ কৰ ‘নাই পেলালে, বিগত ৫০ বছৰত আন কোনো ৰোগে মানহৰ বয়সত এনে প্রভাৱ পেলোৱা নাছিল।

Exit mobile version