Student Dies in Strong Storm:
মৰিগাঁও আৰু গুৱাহাটীত প্ৰচণ্ড বতাহ – ধুমুহাত দুজনকৈ ছাত্ৰই কৰুণ মৃত্যুক সাবটি লোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বিলাসীপাৰাত বুধবাৰে পুনৰ কৰুণ মৃত্যুক সাবটি ল’লে আন এজন পাঁচবছৰীয়া ছাত্ৰই ৷
পুৱাতে মাতৃ সহ আন চাৰি ছাত্ৰৰ সৈতে এখন অট’ৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত প্ৰচণ্ড বতাহ- ধুমুহাত পথৰ ওপৰত বাগৰি পৰে অট’ খন । ফলত থিতাতে নিহত হয় ছাত্ৰজনৰ।
ঘটনাটোত টেম্পোখনত থকা মাতৃ সহ আন চাৰিগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত। তেওঁলোকক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে লয়াৰ আসাম হাস্পতালত ৷ মৃত ছাত্ৰজনৰ নাম শুভংকৰ বৰ্মন। তেওঁ বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল ৷
এই কৰুণ ঘটনাই শোকাহত কৰি তুলিছে বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন শিক্ষক- শিক্ষয়ত্ৰীৰ আৰু শিক্ষাৰ্থীৰ মাজত ৷