Tragic Accident in Jammu and Kashmir:জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা !

জম্মু-ৰাজৌৰী ঘাইপথত দ- খাৱৈত বাগৰি পৰিল যাত্রীবাহী বাছ, দুর্ঘটনাত মৃত্যু ২১জন লোকৰ , গুৰুতৰভাৱে আহত ২০জনৰো অধিক লোক

accident.j k

Tragic Accident in Jammu and Kashmir:

জম্মু-কাশ্মীৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে জম্মুৰ আখনুৰৰ জম্মু-ৰাজৌৰী ঘাইপথত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰিল ৷ থিতাতে ২১ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় ২০ জন ৷

উল্লেখ্য যে,আখনুৰৰ চোকী চোৰা বেল্টৰ টাংলি মৰ্হত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাটিত পতিত বাছখন ৰাজপথৰ পৰা ১৫০ ফুট তলত পৰেগৈ ৷

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ অঞ্চলৰ পৰা জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ শিৱ খোৰি অঞ্চললৈ ৰাজস্থান,হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মুঠ ৫০ তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল অভিশপ্ত বাছখনে ৷ ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ পাছতে আৰক্ষী আৰু এছডিআৰএফ দল উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে ৷

স্থানীয় লোকৰ সহযোগত যুদ্ধকালীন তৎপৰতাৰে অভিযান আৰম্ভ কৰি আহতসকলক জম্মুৰ আখনূৰ চিকিৎসালয় আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় (জিএমচি) চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

আনহাতে এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৰ্ভনৰ মনোজ সিংহাই।

Exit mobile version