BJP Leader’s Son Arrested in Hojai:হোজাইৰ বিজেপি নেত্ৰীৰ উদণ্ড পুত্ৰৰ কাণ্ড

হাতত AK47 লৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ৰিয়াজ হুছেইনক গ্ৰেপ্তাৰ গুৱাহাটীত

jujai

BJP Leader’s Son Arrested in Hojai:

হাতত AK47 লৈ সামাজিক মাধ্যমত ভাইৰেল হৈছিল হোজাই এগৰাকী বিজেপি নেত্ৰীৰ পুত্ৰ ৷ কিন্ত এই ভাইৰেল ভিডিঅ’ৰ পাছতে তৎপৰ হৈ পৰে হোজাই আৰক্ষী

হোজাইৰ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ হুছেইনে হাতত উদ্যত একে ফৰটি ছেভেন লৈ সামাজিক মাধ্যমক ভিডিঅ ভাইৰেল কৰিছিল ৷

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে হোজাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিভিন্নজনে এই কাৰ্যক অক্ষমণীয় অপৰাধ বুলি অভিহিত কৰি ৰিয়াজৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী কৰে ৷ ইয়াৰ পিছতে হোজাই আৰক্ষী তৎপৰ হৈ পৰে ৷

ভিডিঅ’ ভাইৰেলৰ পিছৰে পলাতক হৈ আছিল ৰিয়াজ ৷ অৱশেষত বিশেষ খবৰৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি থকা ৰিয়াজক যোৱা নিশা মহানগৰ আৰক্ষীৰ সহযোগত হোজাই আৰক্ষীয়ে আটক কৰে ৷

উল্লেখ্য যে,মাতৃ শাসকীয় দলৰ এগৰাকী নেত্ৰী হোৱাৰ সুবাদতে ৰিয়াজে বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ হোজাই আৰক্ষীয়ে ধৃত ৰিয়াজ হুছেইনৰ বিৰুদ্ধে অবৈধ অস্ত্র, ড্রাগ্ৰছ সৰবৰাহৰ গোচৰ ৰজু কৰিছে ৷

Exit mobile version