Liquor ban in Baska and Tamulpur
যোৱা ২৬ এপ্ৰিল আৰু ৭ মে’ত ক্ৰমে ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু এক নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ (জনজাতি), ৪৪ নং গোৰেশ্বৰ, ৪১ নং মানস আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত অহা ৪ জুনত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ’ব।
উক্ত দিনাখন ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বাক্সা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ কৃষ্ণা বৰুৱাই সমগ্র বাক্সা নিৰ্বাচনী জিলাখনত “সুৰা নিষিদ্ধ দিন” (ড্ৰাই ডে’) ঘোষণা কৰিছে। উক্ত সময়ছোৱাত সকলোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ আদিৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।