NIA arrests illegal arms dealer:এনআইএৰ হাতত গ্ৰেপ্তাৰ অন্যতম উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ অস্ত্ৰ ব্যৱসায়ী

উগ্রপন্থী সংগঠনৰ লগতে ব্যক্তিগত পৰ্যায়তো বিদেশী মাৰণাস্ত্ৰ বিক্ৰী কৰিছিল

nia

NIA arrests illegal arms dealer:

দক্ষিণ-পূব এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰৰ পৰা অসমসহ উত্তৰ-পূৰ্বাঞ্চলত চলি থকা মাৰণাস্ত্ৰৰ অবৈধ বজাৰৰ অন্যতম কাণ্ডাৰীৰূপে চিহ্নিত কৰা এজনক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) ই গ্ৰেপ্তাৰ কৰাৰ পাছতে দেশৰ আইন-শৃংখলা ব্যৱস্থাৰ প্ৰতি অহা চৰম ভাবুকিৰ বহু তথ্য পোহৰলৈ আহিছে। মিজোৰামত গ্ৰেপ্তাৰ কৰা ৰাজ্যখনৰ বাসিন্দা এই লোকজন হ’ল আইজলৰ ছ’ল’মনা ওৰফে মিংগা।

উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আমদানি হোৱা মাৰণাস্ত্র আৰু বিস্ফোৰকক লৈ গঢ়ি উঠা বৃহৎ বজাৰখনৰ অন্যতম কাণ্ডাৰী হিচাপে এনআইএই যোৱা ২৬ ডিচেম্বৰত এটা গোচৰ ৰুজু কৰিছিল। হ’ল’মনাৰ লগতে আনজন অভিযুক্ত হ’ল লালমুবানবাম ওৰফে মাংলিয়ানা। ম্যানমাৰৰ বাসিন্দা এই লোকজন অদ্যাপি পলাতক।

এনআইএৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই দুজনে মিলি দক্ষিণ-পূর্ব এছিয়াৰ কে’বাখনো ৰাষ্ট্ৰৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰৰ, গুলি আৰু বিস্ফোৰক প্ৰথমতে মিজোৰামলৈ আমদানি কৰে। মিজোৰামৰ পৰা তেনে সামগ্রী ম্যানমাৰত বাহৰ পাতি থকা উত্তৰ-পূৰ্বাঞ্চলৰ সংগঠনসমূহলৈ যোগান ধৰা হয়। তদন্তত পোহৰলৈ অহা অনুসৰি, আলফা (স্বাধীন) সহ কে’বাটাও উগ্রপন্থী সংগঠনক নিয়মীয়াকৈ এই দুজন অভিযুক্তই মাবণাস্ত্র আৰু বিস্ফোৰক যোগান ধৰি আহিছে। কেতিয়াবা মিজোৰামৰ গোপন স্থানত গঢ়ি তোলা অস্ত্র ভাণ্ডাৰৰ ভঁৰালৰ পৰা আৰু বহু সময়ত মিজোৰামলৈ নানি পোনে পোনে উগ্রপন্থী সংগঠনকো যোগান ধৰা হয়। বিশেষকৈ ম্যানমাৰৰ পৰা খালী হাতেৰে প্ৰৱেশ কৰি ভাৰতত কূটাঘাত কাণ্ডত ব্যৱহৃত বিস্ফোৰক তেনে গুদামৰ পৰাই যোগান ধৰা হয়।

এই দুই অভিযুক্তই ব্যক্তিগত পর্যায়ত মাৰণাস্ত্ৰ বিক্ৰীৰ এখন বৃহৎ বজাৰ চলাই আহিছে। অসমতে বহু লোকৰ হাতত অবৈধ মাৰণাস্ত্ৰ থকাৰ চৰ্চা সঘনে হৈ আহিছে। এনে মাৰণাস্ত্ৰৰ অন্য ব্যৱসায়ী আছে যদিও তাৰ ভিতৰত ছ’ল’মনা আৰু মাংলিয়ানা অন্যতম বুলি চিহ্নিত কৰা হৈছে। এনআইএৰ প্রতিবেদনত এই দুজনব সন্দর্ভত উল্লেখ কৰা হৈছে এনেদ, ‘বৃহৎ পৰিসৰত অবৈধ মাৰণাস্ত্র, গুলি আৰু বিস্ফোৰক যোগানক লৈ উত্তৰ-পূর্বাঞ্চলত চলি অহা বৃহৎ নেটৱৰ্কৰ এই দুজন হ’ল বিশেষ কাণ্ডাৰী।’

মিজোৰামৰ উপৰি ম্যানমাৰৰ সীমাৰ লগত সংলগ্ন হৈ থকা মণিপুৰতো দুয়োজনৰ ব্যৱসায়ৰ ঘাটি আছে। এই দুই ৰাজ্যক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলতে অবৈধ মাৰণাস্ত্ৰৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে আৰু ৰমৰমীয়াকৈ চলি আহিছে। অসম হ’ল ইয়াৰ অন্যতম অংশ।

শেহতীয়াকৈ এনআইএই আইজলৰ ছটা স্থানৰ লগতে অসম-মিজোৰাম সীমান্ততো অভিযান চলায়। যোৱা ২৫ মে’ৰ পবা চলোৱা অভিযানতে ছ’ল’মনা কৰায়ত্ত হয়। এই অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অত্যাধুনিক মাৰণাস্ত্র, গুলি, বিস্ফোৰক সামগ্রী, ডিজিটেল ডিভাইচ আৰু নথিপত্র এআইএ জব্দ কৰে। ধৃত অস্ত্ৰ ব্যৱসায়ীজনৰ সন্ধান অসম আৰক্ষীয়েও দীর্ঘদিনৰ পৰা চলাই আহিছিল।

Exit mobile version