Pakistan occupied Kashmir is not ours: Pakistani Additional Attorney General:পাক অধিকৃত কাশ্মীৰ আমাৰ নহয়: আদালতত স্বীকাৰ পাকিস্তানী চৰকাৰী অধিবক্তাৰ

pak

Pakistan occupied Kashmir is not ours: Pakistani Additional Attorney General:

পাক অধিকৃত কাশ্মীৰৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ মন্তব্য কৰিলে স্বয়ং পাকিস্তানে। দৰাচলতে ইছলামাবাদ উচ্চ ন্যায়ালয়ত পাকিস্তানৰ এজন চৰকাৰী অধিবক্তাই এক গোচৰৰ প্ৰসংগত মন্তব্য কৰি ক’লে যে পাক অধিকৃত কাশ্মীৰ পাকিস্তানৰ নহয়।

পাক অধিকৃত কাশ্মীৰক পাকিস্তানে স্বাধীন কাশ্মীৰ বুলি অভিহিত কৰি আহিছে। আনহাতে, এই অঞ্চলটো ভাৰতে নিজৰ অভিন্ন অংগ বুলি দাবী কৰে। ফেডাৰেল প্ৰচিকিউটৰ জেনেৰেলে ইছলামাবাদৰ পৰা অপহৃত কবি-সাংবাদিক অহমদ ফৰহাদক লৈ চৰকাৰক ৰক্ষণাবেক্ষণ কৰাৰ সময়ত কয় যে ফৰহাদক স্বাধীন কাশ্মীৰত দুই জুনলৈকে জিম্মাত ৰাখিব পাৰিব।

চৰকাৰী অধিবক্তাজনে লগতে কয় যে ফৰহাদক ইছলামাবাদ উচ্চ ন্যায়ালয়ত হাজিৰ কৰাব নোৱাৰি, কিয়নো তেওঁ স্বাধীন কাশ্মীৰৰ বাসিন্দা আৰু স্বাধীন কাশ্মীৰ পাকিস্তানৰ নহয়, বৰঞ্চ এক বিদেশী অঞ্চল। পাকিস্তানৰ চৰকাৰী অধিবক্তাই আদালতত পাক অধিকৃত কাশ্মীৰৰ প্রসংগত এইদৰে চাঞ্চল্যকৰ মন্তব্য কৰিলে।

Exit mobile version