Heat Waves in Odsha:ওড়িছাত তীব্র গ্ৰীস্ম প্ৰৱাহ

odisha

Heat Waves in Odisha :

তীব্র গ্ৰীস্মপ্রৱাহত উদ্বেগজনক পৰিস্থিতি সৃষ্টি কৰিছে ওড়িছাত। হিটষ্ট্ৰ’কত ক্ৰমশঃ ৰাজ্যখনত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। যোৱা ৪৮ ঘণ্টাত ওড়িছাত হিটষ্ট্র’কে প্রাণ কাঢ়িলে ৫৪ জন লোকৰ।

তীব্র তাপপ্ৰৱাহৰ পৰিস্থিতিত ওড়িছাত মৃতকৰ সংখ্যা বৃদ্ধি পালে ৯৬ জনলৈ । অৱশ্যে ৫৪ জন লোকৰ মৃত্যু প্ৰকৃততে হিটষ্টু’কত হ’ল নে আন কোনো কাৰণত হ’ল সেয়া এতিয়াও স্বাস্থ্য বিভাগে নিশ্চিত কৰা নাই। ইয়াৰ আগেয়ে মাত্র নজন লোকৰ হিটষ্ট্ৰ’কত মৃত্যু হোৱা বুলি ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল।

আনহাতে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ওড়িছাৰ পশ্চিম প্ৰান্তৰ জিলাসমূহত তাপপ্রবাহত মৃত্যুৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। ২৪ ঘণ্টাত সর্বাধিক লোকৰ তাপ প্রবাহত মৃত্যু হ’ল বলাংগিৰত।

Exit mobile version