Special Flavor Litchi Of Jamugurighat:জামুগুৰিহাটৰ নপামৰ বিশেষ সোৱাদযুক্ত লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ

litchi 1

Special Flavor Litchi Of Jamugurighat:

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৱৰ্তী নপামৰ লিচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ। নপামৰ লিচু বাগানখনত উৎপাদিত বোম্বাই, বিলাতী ইলাচী, চাহী, লঙীয়া, পিয়াজী, কাঠ বোম্বাই আদিকে ধৰি সাতটাকৈ প্ৰজাতিৰ লিচু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত বিশেষ চাহিদা লাভ কৰাৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ উপৰি বিদেশলৈকো ৰপ্তানি হৈছে ।

বাগানখনৰ মুঠ চাৰিশ জোপা গছৰ পৰা উৎপাদিত লিচুসমূহৰ প্ৰতিটো লিচুৰ মূল্য চাহিয়া লিচু সাত টকাৰ পৰা আৰম্ভ কৰি ইলাচী লিচু ১০ টকা, পিঁয়াজী লিচু ১৫ টকা, বিলাতী লিচু ৩৫ টকা আৰু বোম্বাই লিচু ৫০ টকা পর্যন্ত দৰত বিক্ৰী হোৱা বুলি জানিবলৈ দিছে লিচু বাগানখনৰ তত্ত্বাৱধায়ক ৰাম নাৰায়ণ সিঙে।

বিশেষ সোৱাদযুক্ত এই লিচু বিভিন্ন প্ৰান্তৰ লোকসকলে আহি লিচু বাগানখনৰ পৰা ক্ৰয় কৰি নিয়াৰ উপৰি পাইকাৰী হাৰত ব্যৱসায়ীসকলে ক্ৰয় কৰি নিয়াও পৰিলক্ষিত হৈছে ।

Exit mobile version