Udalguri:ওদালগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা

মৃত বোৱাৰীগৰাকীৰ নাম সুজাতা বনিয়া দাস

death

Udalguri:

ওদালগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা | মৃত বোৱাৰীগৰাকীৰ নাম সুজাতা বনিয়া দাস। মৃত সুজাতাৰ ঘৰ ওদালগুৰিৰ বান্দৰগুৰিত। স্বামীৰ অত্যাচাৰত মৃত্যু হোৱাৰ অভিযোগ সুজাতাৰ পৰিয়ালৰ।

স্বামী গুৱাহাটীৰ মানস জ্যোতি দাসে অত্যাচাৰ চলোৱাৰ অভিযোগ। স্বামীৰ অত্যাচাৰৰ বাবে গুৱাহাটীৰ পৰা পৰিয়ালৰ লোকে ওদালগুৰিলৈ লৈ আনে সুজাতাক। সুজাতাৰ স্বাস্থ্য অৱনতি হোৱাৰ নিশা প্ৰথমে ওদালগুৰি আৰু পিছত ভৰ্তি কৰোৱা হৈছিল তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। ইয়াৰ পাছতেই শেষ নিশ্বাস ত্যাগ কৰে বোৱাৰীগৰাকীয়ে।

ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ। অভিযুক্ত স্বামীগৰাকীক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে। যৌতুকৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। মৃত সুজাতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত

Exit mobile version