World’s Smallest Cow was Born in India:বিশ্বৰ সবাতোকৈ ক্ষুদ্র গৰুৰ জন্ম হ’ল ভাৰতত

small cow

World’s Smallest Cow was Born in India:

বিশ্বৰ সবাতোকৈ ক্ষুদ্র আকৃতিৰ গৰুৰ জন্ম হ’ল ভাৰতত। কিছুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এটি বিশেষ প্ৰজাতিৰ গৰুৰ স’তে উঠা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল। অতি ক্ষুদ্র আকাৰৰ এই প্ৰজাতিৰ গৰুৰ আকাৰ এটা কুকুৰ সমান হয়। উল্লেখ্য যে আকাৰত সৰু হ’লেও এনে গৰুৱে দিনত মাত্র পাঁচ কিলো পশুখাদ্য গ্রহণ কৰি তিনি লিটাৰকৈ দুগ্ধ দান কৰে।

পুংগনুৰ প্রজাতি এই গৰু সম্প্রতি অন্ধ্র প্রদেশত প্রতিপালন কৰা হৈছে। পুংগনুৰ প্ৰজাতিৰ গৰু বিশ্বৰ ভিতৰতে সবাতোকৈ ক্ষুদ্র আকাৰৰ হিচাপে পৰিচিত। জন্মৰ সময়ত এই গৰুৰ উচ্চতা ১৬ৰ পৰা ২২ ইঞ্চি হয়।

আনহাতে, সাধাৰণতে এই প্ৰজাতিৰ গৰুৰ উচ্চতা তিনিৰ পৰা পাঁচ ফুটৰ ভিতৰত হয়। আন একাংশ পুংগনুৰ প্ৰজাতিৰ গৰুৰ উচ্চতা সর্বাধিক আঢ়ৈ ফুট হয়। অন্ধ্র প্রদেশৰ কাকিনাড়াত এই প্ৰজাতিৰ কে’বাটাও গাইগৰু প্ৰতিপালন কৰা হৈছে। ক্ষুদ্র আকাৰৰ এনে গৰু প্ৰতিপালনৰ জৰিয়তে গোপালকে কম খৰচতে অধিক পৰিমাণ দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হৈছে।

২০১৯ৰ ১৭ ডিচেম্বৰত জন্ম লাভ কৰা পুংগনুৰ প্ৰজাতিৰ গৰুৰ উচ্চতা আছিল আঢ়ৈ ফুট। এইটোৱে হৈছে বিশ্বৰ সবাতোকৈ ক্ষুদ্র আকাৰৰ গাইগৰু। এই গৰুৱে সম্প্রতি দৈনিক তিনি লিটাৰকৈ দুগ্ধ দান কৰিছে। পুংগনুৰ প্ৰজাতিৰ গৰুৰ মূল্য এক লাখ টকাৰ পৰা পাঁচ লাখ টকালৈকে নির্ধাৰণ কৰা হয় ৷

Exit mobile version