Cm Announces November Schedule For Panchayat Elections:জনতা ভৱনত কেবিনেট বৈঠকত সিদ্ধান্ত

নৱেম্বৰত হ'ব পঞ্চায়ত নিৰ্বাচন

cm pressmeet

Cm Announces November Schedule For Panchayat Elections:

লোকসভাৰ নিৰ্বাচন অন্ত পৰাৰ বহু বিৰতিৰ পিছত জনতা ভৱনত অনুষ্ঠিত হ’ল কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেটত লোৱা হয় কেতবোৰ সিদ্ধান্ত ৷

কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই কয়,চলিতবৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড নাথাকিব দুটা বিধানসভা সমষ্টিত। আনহাতে,পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ নিৰ্ধাৰণ হ’ব পঞ্চায়ক, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ৷

একেদৰে পুনৰ নিৰ্ধাৰণ হ’ব উন্নয়ন খণ্ড সমূহ ৷ এই কাম সম্পূৰ্ণ হ’ব আগষ্ট মাহত ৷ অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰকাশ পাব ৷ তাৰ পিছতে অক্টোবৰত জাৰি হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ।

স্মতৰ্ৱ্য যে,২০২৩ বৰ্ষত বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত ৰাজ্যৰ বহু সংখ্যক গাঁও পঞ্চায়ত আৰু উন্নয়ন খণ্ড সুকীয়া সুকীয়া বিধানসভাত অন্তভুৰ্ক্ত কৰা হৈছিল ৷

অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়,অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ অধিক সংখ্যক লোকক সাঙুৰি ল’ব পাৰে বা এই আঁচনিত কিমানলোকক অন্তভুৰ্ক্ত কৰিব পাৰি,কিমান ধন ব্যয় কৰিব পাৰি ৷এই সকলো দিশ তদাৰকী কৰিবৰ বাবে এখন কেবিনেট উপ- সমিতি গঠন কৰা হয় ।

এই কেবিনেট কমিটিৰ সদস্য সকল হ’ল বিত্তমন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উদ্যোগ মন্ত্ৰী বিমল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ দাস ৷ এই কমিটিয়ে আগন্তুক এমাহৰ ভিতৰত দাখিল কৰি পৰামৰ্শ প্ৰতিবেদন

Exit mobile version