Chandrababu vs. Nitish: Who is Richer?চন্দ্রবাবু বনাম নীতিশ : কোন অধিক ধনাঢ্য ?

nitish

Chandrababu vs. Nitish: Who is Richer?

লোকসভাৰ সদ্যসমাপ্ত নিৰ্বাচনৰ পাছত এতিয়া দেশত সর্বাধিক চর্চিত দুই ব্যক্তি হৈছে বিহাৰৰ মুখ্যমন্ত্রী তথা জেডিইউ নেতা নীতিশ কুমাৰ আৰু টিডিপিৰ মুৰব্বী চন্দ্রবাবু নাইডু।

কিয়নো নীতিশ আৰু চন্দ্রবাবুৱে এতিয়া কেন্দ্ৰত এনডিএ চৰকাৰ গঠনত কিংমেকাৰ’ৰ ভূমিকাত অবতীর্ণ হৈছে। এই দুই নেতাই সমর্থনতে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী দেশৰ প্রধানমন্ত্রী হ’ব পাৰিলে।

দেশৰ ৰাজনীতিত নীতিশ আৰু চন্দ্রবাবু পুনৰ চর্চিত হোৱাৰ সময়তে এই দুই নেতাৰ কোন অধিক ঋনাঢ্য, তাক লৈয়ো এক চর্চা চলিছে। ১৮ বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্রী হৈ থকা নীতিশ কুমাৰ এজন প্রায় দৰিদ্ৰ ৰাজনীতিক হিচাপে পৰিচিত।

বিহাৰ চৰকাৰৰ ৱেবছাইটৰ তথ্য অনুসৰি নীতিশৰ মুঠ ১.৬৪ কোটি টকা মুল্যৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি আছে। নীতিশৰ হাতত ২২,৫৫২ টকা নগদ আৰু বেংকত আছে ৪৯,২০২ টকা। নীতিশৰ ১১.৩২ লাখ টকা মূল্যৰ এখন ফ’ৰ্ড ইক’ম্প’র্ট গাড়ী আছে। তদুপৰি ১.২৫ লাখ টকাৰ দুটা সোণৰ আঙঠি, এটা ৰূপৰ আঙঠি, ১.৪৫ লাখ টকাৰ ১৩ টা গৰু, ১১ টা ম’হ আছে নীতিশৰ । দিল্লীৰ দ্বাৰকাত নীতিশৰ ১.৪৮ কোটি টকা মূল্যৰ এটা এপার্টমেন্ট আছে।

আনহাতে, টিডিপিৰ মুৰব্বী চন্দ্ৰবাবুৰ পৰিয়ালৰ সম্পত্তি বিগত পাঁচ বছৰত ৪১ শতাংশ বৃদ্ধিৰে ৮১০.৪২ কোটি টকা হ’ল। নাইডুৰ ব্যক্তিগত সম্পত্তি হিচাপে ৪.৮০ লাখ টকাৰ স্থাৱৰ আৰু ৩৬.৩১ লাখ টকা মূল্যৰ অস্থাৱৰ সম্পত্তি আছে। নাইডুৰ এখন ২.২৫ লাখ টকা মূল্যৰ এছোডৰ গাড়ীও আছে । শপতনামাত উল্লেখ কৰা অনুসৰি নাইডু পৰিয়ালৰ ঋণৰ পৰিমাণ হৈছে ১০ কোটি টকাৰ অধিক।

Exit mobile version