Khattar or Chouhan, Who will be the Next BJP President: খট্টৰ নে চৌহান, কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি ?

চলিতে মাহতে শেষ হ'ব বিজেপি সভাপতি নড্ডাৰ কাৰ্যকাল, গাডকাৰীক দায়িত্ব দিয়াৰ পৰামৰ্শ সংঘ পৰিবাৰৰ, চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনক লৈ সতর্ক হৈছে নেতৃত্ব, নতুন মন্ত্রীসভাক লৈ টনা-আঁজোৰাৰ সৃষ্টি হ'লে অমিত শ্বাহক পুনৰ দায়িত্ব প্রদানক লৈও দলীয় মহলত চর্চ

khattar

Khattar or Chouhan, Who will be the Next BJP President:

সদ্যসমাপ্ত লোকসভা নির্বাচনত আশানুৰূপ ফল লাভত ব্যর্থ বিজেপিত সাংগঠনিক সা-সলনিৰ সম্ভাৱনা প্রকট হৈছে। দলৰ এই ব্যৰ্থতাৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে কালি দলৰ শীর্ষ নেতৃত্ব এখন বৈঠকত মিলিত হয়। দলৰ সভাপতি জে পি নড্ডাৰ বাসভৱনত অনুষ্ঠিত পর্যালোচনা সভাখনত অমিত শ্বাহ, ৰাজনাথ সিং আদিয়ে অংশ লয়। বিজেপিৰ মন্ত্রণাদাতা আৰএছএছৰ জ্যেষ্ঠ নেতাদ্বয় দত্তাত্রেয় হোছবলে আৰু অৰুণ কুমাৰ আদিও বৈঠকত উপস্থিত থাকে।

উল্লেখ্য যে দলৰে ডাবল ইঞ্জিন চৰকাৰ থকা উত্তৰ প্ৰদেশকে ধৰি হিন্দী বলয়ৰ কে’বাখনো ৰাজ্যতে সদ্যসমাপ্ত লোকসভা নির্বাচনত প্রত্যাশিত ফল লাভত ব্যর্থ হয় বিজেপি। ফলত অকলে চৰকাৰ গঠনৰ জোখাৰে ২৭২খন আসন দলে দখল কৰিবলৈ সক্ষম নহ’ল। গতিকে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে এনডিএৰ অন্যতম দুই অংশীদাৰ এন চন্দ্রবাবু নাইডু নেতৃত্বাধীন তেলুগু দেশম পার্টি (টিডিপি) আৰু বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউ)ৰ স’তে দৰ-দাম কৰিবলগীয়া হৈছে।

ইপিনে, দলীয় সূত্রই প্রকাশ কৰা অনুসৰি, সদ্যসমাপ্ত নির্বাচনত বিজেপি আৰু সংঘ পৰিবাৰৰ মাজত সমন্বয়ৰ অভাৱ স্পষ্ট হয়। ইয়াৰ পৰিণতিত হিন্দী বলয়ৰ ভোটত বিভাজন ঘটে। সম্প্রতি দুয়োপক্ষই ব্যৱধান আঁতৰোৱাৰ লক্ষ্য লোৱা বুলি সূত্রই জনায়। সম্প্রতি বিজেপিৰ দৃষ্টি নিবদ্ধ হৈছে চলিত বছৰতে অনুষ্ঠিত হ’বলগা জম্মু-কাশ্মীৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দলে সংঘ পৰিবাৰৰ স’তে পুনৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিবেচনা কৰা বুলি সূত্রই জনায়। সূত্ৰৰ মতে, এইবাৰ মোদী মন্ত্রীসভাত নতুন মুখে অধিক স্থান পোৱাটো বিচাৰিছে সংঘ পৰিবাৰে। শুক্ৰবাৰে অনুষ্ঠিত দলৰ পৰ্যালোচনা সভাত এই কথা বিজেপি নেতৃত্বক সংঘ পৰিবাৰৰ ফালৰ পৰা অৱগত কৰা হয় বুলি সূত্রই সদৰী কৰিছে।

আনহাতে, চলিত মাহতে দলৰ সভাপতি নড্ডাৰ কাৰ্যকাল অন্ত পৰিব। সূত্রই প্ৰকাশ কৰা অনুসৰি উক্ত পর্যালোচনা বৈঠকত এই বিষয়টো আলোচিত হোৱাৰ লগতে নড্ডাৰ স্থানত কাক নিয়োগ কৰা হ’ব, সেই কথাও আলোচিত হয়। সূত্ৰৰ মতে, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্রী মনোহৰলাল খট্টৰ আৰু মধ্য প্রদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ নাম দলৰ সম্ভাব্য পৰৱৰ্তী সভাপতিৰূপে বৈঠকখনত চর্চিত হয়।

অৱশ্যে আৰএছএছৰ নেতৃত্বই প্রাক্তন সভাপতি নীতিন গাডকাৰীক দলৰ সভাপতিৰ দায়িত্ব দিয়াৰ পৰামৰ্শ দিয়া বুলি সূত্ৰই সদৰী কৰিছে। মোদীৰ নেতৃত্বত দুবাৰ বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা পালেও এইবাৰ ব্যৰ্থ হোৱাত দলৰ ওপৰত সংঘ পৰিবাৰৰ প্ৰভাৱ বৃদ্ধি পাইছে। লক্ষ্যণীয়ভাবে গাডকাৰীৰ স’তে সংঘ পৰিবাৰৰ সম্পৰ্ক মধুৰ।

আন এটি উচ্চস্তৰীয় সূত্রই কয় যে নতুন কেন্দ্রীয় মন্ত্রীসভাক লৈ মৰ্চাৰ দলসমূহৰ মাজত টনা-আঁজোৰাৰ সৃষ্টি হ’লে গৃহমন্ত্রী অমিত শ্বাহকে পুনৰ বিজেপি সভাপতি পদৰ দায়িত্ব প্রদানৰ সম্ভাৱনাৰ বিষয়েও বিজেপিৰে এটা মহলত চর্চিত হৈছে।

Exit mobile version