Modi is the richest member of the Cabinet:এইবাৰৰ সবাতোকৈ ধনী সাংসদ ডাঃ চন্দ্ৰশেখৰ পেম্মাছানি

আমেৰিকাত অৰ্জন কৰিছিল যুৱ উদ্যমীৰ খিতাপ, নতুন মোদী মন্ত্রীসভাৰ সবাতোকৈ ধনী সদস্যজন

tdp 1

Modi is the Richest Member of the Cabinet:

এইবাৰৰ তথা অষ্টাদশ লোকসভাৰ সবাতোকৈ ধনী সাংসদ অম্লপ্রদেশৰ ডাঃ চন্দ্রশেখৰ পেম্মাছানিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হৈছে।
সদ্যসমাপ্ত লোকসভা নির্বাচনত এন চন্দ্রবাবু নাইডু নেতৃত্বাধীন তেলুগু দেশম পার্টি (টিডিপি)ৰ প্রার্থীৰূপে ডাঃ পেম্মাছানি অন্ধ্রপ্রদেশৰ গুন্টুৰ সমষ্টিৰ পৰা নির্বাচিত হয়।

দেওবাৰে শপতগ্রহণ কৰা নতুন মোদী মন্ত্রীসভাৰ অন্যতম সদস্যৰূপে ডাঃ পেম্মাছানিয়েও শপত গ্রহণ কৰে। তেওঁৰ এজন দলীয় সতীর্থ ৰামমোহন নাইডু কিঞ্জাৰাপুৰেও দেওবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ অন্যতম সদস্যৰূপে শপত গ্রহণ কৰে।

কিঞ্জাৰাপুৱ হৈছে এইবাৰৰ কেন্দ্ৰীয় মন্ত্রীসভাৰ সর্বকনিষ্ঠ সদস্য। ৫,৭০০ কোটি টকাৰ বিশাল সাম্পত্তিৰ গৰাকী ডাঃ পেম্মাছানিয়ে এইবাৰ লোকসভা নির্বাচনত অন্ধ্ৰ প্ৰদেশৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রী জগনমোহন ৰেড্ডী নেতৃত্বাধীন ৱাই এছ আৰ কংগ্ৰেছৰ প্রার্থী ভেংকটা বোছায়াক তিনি লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

সম্প্রতি তেওঁৰ বয়স হৈছে ৪৮ বছৰ। এছ চিয়েছন অৱ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংগঠনটোৰ মতে, এইবাৰৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা সমগ্ৰ দেশৰ মুঠ ৮.৩৬০ গৰাকীৰ প্রার্থীৰ মাজতো সবাতোকৈ সম্পদশালী হৈছে ডাঃ পেম্মছানি।

যুৱ উদ্যমীৰূপে আমেৰিকাত খ্যাতি অর্জন কৰি থৈছে ডাঃ পেম্মাঞ্জনিয়ে ৷ মোদী মন্ত্রীসভাত স্থান লাভ কৰা ডাঃ পেম্মাছানি এজন খ্যাতিসম্পন্ন উদ্যমীও। অন্ধ্রপ্রদেশৰ গুটুৰত জন্মলাভ কৰা ডাঃ পেম্মাছানিয়ে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্রী গ্রহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ’নছ হপকিন্স বিশ্ববিদ্যালয়-ছিনায় হাস্পতালত চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ পাঠদানো কৰে।

২০২০ত তেওঁ ঘুৰ এণ্টাৰপ্রেণিউৰ ৰূপে আমেৰিকাৰ আৰ্ণষ্ট এণ্ড য়ং বঁটা লাভ কৰে। আমেৰিকাত বসবাস কৰি থকাৰ সময়তে তেওঁ টিডিপিৰ জড়িত হয়। ডাঃ পেম্মাছানিয়ে অনলাইন শিক্ষা বিস্তাৰৰ স’তে জড়িত ‘U World’ শীর্ষক সংস্থাও প্রতিষ্ঠা কৰে। সম্প্রতি তেওঁ এই সংস্থাৰ মুখ্য কার্যবাহী বিষয়াৰূপে কার্যনির্বাহ কৰি আছে। তদুপৰি তেওঁ গুন্টুৰ আৰু কাষৰীয়া অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ লোকসভা নির্বাচনত টিডিপিয়ে দলৰ দুবাৰৰ সাংসদ জয়দেৱ গালাৰ স্থানত ডাঃ পেম্মাছানিক দলীয় প্রার্থিত্ব প্রদান কৰে।

Exit mobile version