Planting of 111,000 Trees by Japanese Akira Miyawaki Method: জাপানীজ আকিৰা মিয়াৱাকী পদ্ধতিৰে এক লাখ এহেজাৰ এশ ১১ জোপা গছপুলি ৰোপণ

miwaki plantation 2

Planting of 111,000 Trees by Japanese Akira Miyawaki Method:

ডিগবৈ তেল শোধনাগাৰে বিভিন্ন শক্তি সংৰক্ষণ আৰু সেউজ শক্তি আমদানিৰ মুখ্য উপায় হিচাপে ২০৪৬ৰ ভিতৰত শূন্য সহনশীলতা প্রাপ্তিৰ বাবে এক কোটিতকৈও অধিক গছ ৰোপণৰ পৰিকল্পনা কৰিছে।

ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডল, ডিগবৈ শোধনাগাৰে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ সহযোগত ২৫ হেক্টৰ ভূমিত ছয় লাখ গছপুলি ৰোপণৰ বাবে যোৱা ২৮ এপ্রিলত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত প্রথম পর্যায়ত ডিগবৈ দিল্লী পাব্লিক স্কুলৰ কাষত ২০ হেজাৰ গছপুলি ৰোপণ কৰে।

উক্ত চুক্তিৰ আধাৰ পুনৰ ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডল ডিগবৈ শোধনাগাৰ আৰু প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ যৌথ উদ্যোগত ডিগবৈ দুই নম্বৰ গোলাই কলামাটিত প্রায় চাৰি হেক্টৰ ভূমিত এক লাখ এহেজাৰ এশ ১১জোপা গছপুলি ৰোপণ কৰে।

জাপানীজ উদ্ভিদ বিজ্ঞানী আকিৰা মিয়াৱিকীৰ দ্বাৰা প্ৰশিক্ষণপ্রাপ্ত উত্তৰ- পূব ভাৰতৰ এগৰাকী অগ্রণী বিশেষজ্ঞ তথা প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ সদস্য সচিব শান্তনু দত্তৰ সহযোগিতাত ৪৫ বিধ থলুৱা বিভিন্ন প্রজাতিৰ গছপুলি ৰোপণ কৰে পাৰৈ চাহ বাগিচা, বগাপানী চাহ বাগিচাত কৰ্মৰত প্ৰায় আঠশ চাহ শ্ৰমিকৰ লগতে ডিগবৈ শোধনাগাৰৰ কর্মচাৰীসহ কে’বাখনো বিদ্যালয়ৰ ছাত্র- ছাত্রীসহিতে বহুসংখ্যক ৰাইজৰ উপস্থিতিত একেদিনাই বৃহৎসংখ্যক গছপুলি ৰোপণ কার্যসূচী সম্পন্ন হয়।

গছপুলি ৰোপণ কার্যসূচীত ডিগবৈ শোধনাগাৰৰ মুখ্য কাৰ্যবাহী বিষয়া অজয়া কৈলা, তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপনীল পল, ডিগবৈৰ বিধায়ক সুৰেন ফুকনসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version