Cabinet Minister Sarbananda Sonowal took Charge of the Union Ministry of Ports, Shipping and Water Ways:
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কার্যকালৰ বাবে শপতগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত সর্বানন্দ সোণোৱালক পুনৰাই কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ গুৰু দায়িত্ব অর্পণ কৰা হয়। সোণোৱালে কেন্দ্রীয় কেবিনেট মন্ত্ৰী হিচাপে দপ্তৰটোৰ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে আৰু ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মত বিনিময় কৰে।
দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডকে ধৰি সামুদ্রিক খণ্ডৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সোণোৱালে সকলোকে আহ্বান জনায়।
তদুপৰি, সোণোৱালে বিভাগীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে মন্ত্ৰালয়টোৰ পৰৱৰ্তী ১০০ দিনৰ কর্মসূচী সন্দর্ভতো পর্যালোচনা কৰে আৰু নিৰ্দিষ্ট ৰ’ডমেপ লৈ ন উদ্যমেৰে কাম কৰিবলৈ আটাইকে আহ্বান জনায়।